ETV Bharat / state

তিনিচুকীয়াত বেংক জালিয়াতিৰ চিকাৰ হ'ল দুজন

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 6:57 PM IST

তিনিচুকীয়াত বেংকৰ জালিয়াতিৰ চিকাৰ হোৱা দুই ব্যক্তিৰ সংবাদমেল । জালিয়াতিৰে বেংক মেনেজাৰে সৰকালে ৫০ লাখ টকা ।

two-people-hold-a-press-meet-against-bank-fraud
সংবাদমেল

সংবাদমেল

তিনিচুকীয়া, ৬ জানুৱাৰী : তিনিচুকীয়াত বেংকৰ জালিয়াতিৰ চিকাৰ হোৱা দুজনকৈ ব্যক্তিয়ে শনিবাৰে গেলাপুখুৰীত এখনি সংবাদমেল সম্বোধন কৰে ৷ ব্যক্তি দুজন ক্ৰমে মনোজ চুতীয়া আৰু ব্ৰিজেছ ৷ আটছা, বীৰ লাচিত সেনাৰ লগতে স্থানীয় ভালেসংখ্যক লোকৰ উপস্থিতিত আয়োজন কৰা সংবাদমেলত দুই ভুক্তভোগীয়ে কয় যে, সম্পূৰ্ণ জালিয়াতিৰে বেংক মেনেজাৰে সৰকালে ৫০ লাখকৈ টকা । বৰ্তমানে মানসিক হাৰাহাস্তিত ভূগিছে বেংক জালিয়াতিৰ চিকাৰ হোৱা দুই ব্যক্তি ৷

আৰক্ষী থানা, বেংক, ৰাজহ চক্ৰৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰাৰ পাচতো তেওঁলোকে পোৱা নাই কোনো ধৰণৰ সঁহাৰি ৷ জানিবলৈ দিয়া অনুসৰি, তিনিচুকীয়া গেলাপুখুৰীৰ মনোজ চুতীয়াই হঠাতে খবৰ পায় যে তেওঁৰ মাটিক গ্ৰাণ্টাৰ হিচাপে লৈ অৰিয়েণ্টেল বেংক (কমাৰ্চ)ত ৫০ লাখ টকা ঋণ আছে । খবৰ লাভ কৰি মনোজে বেংকত উপস্থিত হৈ গম পায় যে, মনোজৰ মাটিৰ নামত জালিয়াতি কৰি আনন্দ ৰাচিৱাচিয়া নামৰ ব্যক্তিজনে অৰিয়েণ্টেল বেংকৰ মেনেজাৰৰ লগত মিলি তেওঁৰে এজন কৰ্মচাৰীৰ নামত ৫০ লাখ টকা ঋণ লয় । উক্ত ঋণত মনোজৰ এডোখৰ ভূমি বেংকত বন্ধকত থৈ আনন্দ ৰাচিৱাচিৱাই তেওঁৰ কাৰখানাত কাম কৰা শ্ৰমিক জনৈক ব্ৰিজেচৰ নামত ৫০ লাখ টকা ঋণ লৈ উধাও হয় ।

সম্পূৰ্ণ জালিয়াতিৰে আনন্দ ৰাচিৱাচিৱা আৰু অৰিয়েণ্টেল বেংকৰ মেনেজাৰ ঝায়ে সংগ্ৰহ কৰা এই ঋণৰ বাবে বৰ্তমানে মনোজ চুতীয়া আৰু ব্ৰিজেচে ন্যায় পোৱাৰ বাবে আৰক্ষী থানা, বেংক, ৰাজহ চক্ৰ কাৰ্যালয়ৰ দুৱাৰে-দুৱাৰে ঘূৰি ফুৰিছে যদিও ন্যায় পাবলৈ সক্ষম হোৱা নাই । এই পৰ্যন্ত তিনিচুকীয়া আৰক্ষীয়েও আটক কৰিবলৈ সক্ষম হোৱা নাই আনন্দ ৰাচিৱাচিৱা আৰু অৰিয়েণ্টেল বেংকৰ মেনেজাৰ ঝাক ৷ গতিকে এতিয়া দুই ভুক্তভোগীয়ে আৰক্ষী অধীক্ষকৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক দুই প্ৰৱঞ্চক আটক কৰি উচিত ন্যায় প্ৰদান কৰিবলৈ আজি সংবাদমেলৰ জৰিয়তে কাতৰ অনুৰোধ জনায় । ইফালে, আজি সংবাদমেলত বীৰ লাচিত সেনা, আটছাৰ লগতে কেইবাটাও দল-সংগঠনৰ নেতৃত্বই উপস্থিত থাকি উক্ত ঘটনাৰ উচিত তদন্ত কৰি বেংকৰ মেনেজাৰ আৰু প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে আৰক্ষী তথা জিলা প্ৰশাসনক ।

লগতে পঢ়ক : মহানগৰীৰ ভূমি কেলেংকাৰীৰ দুই মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.