ETV Bharat / state

মহানগৰীৰ ভূমি কেলেংকাৰীৰ দুই মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 3:45 PM IST

Guwahati Land Scam
মহানগৰীৰ ভূমি কেলেংকাৰী

Guwahati Land Scam: আৰু দুগৰাকী উপ-পঞ্জীয়কক গ্ৰেপ্তাৰ কৰা হ’ল গুৱাহাটীত ৷ মহানগৰীৰ ভূমিৰ নথি-পত্ৰ জালিয়াতিৰে জড়িত দুই পঞ্জীয়কক গ্ৰেপ্তাৰ কৰিছে ক্ৰাইম ব্ৰাঞ্চে ৷

গুৱাহাটী, 30 ডিচেম্বৰ: গুৱাহাটী মহানগৰীৰ ভূমিৰ নথি-পত্ৰ জালিয়াতিৰে সৈতে জড়িত দুই মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে । গ্ৰেপ্তাৰ হৈছে উপ-পঞ্জীয়ক ৰঞ্জিৎ চৌধুৰী আৰু জ্যেষ্ঠ উপ-পঞ্জীয়ক নিহাৰেন্দ্ৰ থাওচেন ।

ৰঞ্জিৎ চৌধুৰীক নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে কলকাতাৰ এখন ৰিজৰ্টৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নিহাৰেন্দ্ৰ থাওচেনক । দুই উপ-পঞ্জীয়কক গ্ৰেপ্তাৰ কৰাৰ লগে লগে ভূমিৰ নথি কেলেংকাৰীৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

উল্লেখ্য যে গুৱাহাটী মহানগৰীত ভূমিৰ নথি-পত্ৰ জালিয়াতিৰে মহানগৰীৰ বহু লোকৰ মূল্যবান ভূমি আনৰ নামলৈ হস্তান্তৰ কৰি আহিছিল এটা চক্ৰই । উক্ত চক্ৰটোত উপ-পঞ্জীয়ক কাৰ্যালয়ৰ চৰকাৰী কৰ্মচাৰী, মণ্ডল, অধিবক্তা, মাটিৰ দালাল আৰু বিল্ডাৰ জড়িত হৈ আছে । উল্লেখ্য যে মহানগৰ আৰক্ষীৰ চাইবাৰ কোষে ভূমিৰ নথি জালিয়াতি গোচৰত পূৰ্বে প্ৰায় ২৮ গৰাকীক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰে ভিতৰত আছে গুৱাহাটীৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী, মণ্ডল, অধিবক্তা আৰু দালাল ।

মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ ভূ-মাফিয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে । দিছপুৰৰ ৰাজহ চক্ৰ বিষয়া পাপু গগৈয়ে ভুৱা নামজাৰি সন্দৰ্ভত চাইবাৰ থানাত এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰ ভিত্তিত ১২/২৩ নম্বৰত গোচৰ ৰুজু কৰি আৰম্ভ কৰা তদন্তত পোহৰলৈ আহে ভূমিৰ নথি কেলেংকাৰীৰ ক’লা অধ্যায় ।

দালল চক্ৰটোৱে চৰকাৰী-বেচৰকাৰী উভয় পক্ষৰ সহযোগত দীর্ঘদিনৰ পৰা বিশেষকৈ গুৱাহাটীত ভূমিৰ নথি-পত্ৰ জালিয়াতি কৰি আহিছে। জানিব পৰা মতে মূলতঃ তিনিটা প্ৰক্ৰিয়াৰ মাধ্যমেৰে পৰিচালিত হয় ভূমিৰ ভুৱা নামজাৰি প্ৰক্ৰিয়া ।

কিছুদিন পূৰ্বে কামৰূপ মহানগৰ আৰক্ষী আৰু জিলা প্ৰশাসনে সম্বোধন কৰা এক সংবাদমেলৰ জৰিয়তে জানিব পৰা গৈছে যে ভূমি ক্ৰয়-বিক্ৰয় কৰিবলৈ প্ৰথমে পঞ্জীয়ণ কৰিব লাগে উপ-পঞ্জীয়কৰ কাৰ্যালয়ত ৷ সেই সময়তে এটা চক্ৰই সুযোগ বুজি প্ৰকৃত মাটিৰ গৰাকীৰ অজ্ঞাতে ভুৱা চহীৰ জৰিয়তে পঞ্জীয়কে অন্য লোকলৈ হস্তান্তৰ কৰে ভূমি ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ জানিবলৈ দিয়া অনুসৰি কেৱল গুৱাহাটীতে নহয়, ৰাজ্যৰ প্ৰতিখন জিলাতে এনে দুষ্টচক্ৰৰ বিৰুদ্ধে শীঘ্ৰেই অভিযান চলোৱা হ’ব ৷

লগতে পঢ়ক: গুৱাহাটীত জালিয়াতিৰে ভূমি ক্ৰয় কৰাসকল সাৱধান, জালিয়াতি কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব এক্সন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.