ETV Bharat / state

গুৱাহাটীত জালিয়াতিৰে ভূমি ক্ৰয় কৰাসকল সাৱধান, জালিয়াতি কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব এক্সন

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 1:46 PM IST

viksit bharat sankalp yatra held in Palasbari
গুৱাহাটীত জালিয়াতিৰে ভূমি ক্ৰয় কৰাসকল সাৱধান

পলাশবাৰীত আজি বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত হয়( viksit bharat sankalp yatra) ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta biswa sarma) ৷

গুৱাহাটীত জালিয়াতিৰে ভূমি ক্ৰয় কৰাসকল সাৱধান

মিৰ্জা, 21 ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা ৷ বৃহস্পতিবাৰে পলাশবাৰীতো বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ পলাশবাৰীৰ ৰামপুৰ উন্নয়ন খণ্ডৰ 25 নং উপৰহালী গাঁও পঞ্চায়ত উদ্যোগত আৰ বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ উক্ত অনুষ্ঠানৰ পাচতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

বিশষকৈ গুৱাহাটীত ভূমি ক্ৰয়ৰ ক্ষেত্ৰত জালিয়াতিৰ আশ্ৰয় লোৱা বিৰুদ্ধে কঠোৰ হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ কোনোবাই ভূমি বিক্ৰী কৰিছে যদি তাত ক’ব লগা একো নাই ৷ কিন্তু জালিয়াতিৰ কৰা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিম ৷ গুৱাহাটীৰ প্ৰতিটো ৰাজহ চক্ৰ কাৰ্যালয়তে আৰম্ভ কৰিম ৷ ভূমি ক্ৰয়-বিক্ৰয়ৰ নামত যদি জালিয়াতি কৰা বুলি ধৰা পৰিলে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷’’

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সন্দৰ্ভত তেওঁ কয়, ‘‘পৰীক্ষাৰ বাবে প্ৰক্ৰিয়া চলি আছে ৷’’ আনহাতে লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘ মই ইমান টেনশ্যন নলওঁ আৰু লোৱা নাই ৷’’ বুধবাৰে ৰাজীৱ ভৱনত সংঘটিত ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ মই ইমান টেনশ্যন নলওঁ ৷’’

আনহাতে, বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘যিসকল লোকে চৰকাৰী ঘৰ, উজ্জ্বলা, আয়ুষ্মান কাৰ্ড, কৃষক নিধি আদি আঁচনি লাভ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকে বিকশিত ভাৰত সংকল্প যাত্ৰৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হ’ব ৷ উত্তৰ প্ৰদেশৰ জনসাধাৰণে প্ৰায় 2 কোটি কৃষকে কৃষক নিধি আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে ৷ এই ক্ষেত্ৰত অসমৰ কৃষকে 2 লাখ কৃষকে কৃষক নিধি আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ কাৰণ হৈছে আমি বিভিন্ন আঁচনি সন্দৰ্ভত আমাৰ সজাগতা বা জানিবলৈ ইচ্ছুক নহয় লগতে ৰাজ্য চৰকাৰৰ প্ৰচাৰ কম ৷’’

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত আছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক হেমাংগ ঠাকুৰীয়া, কামৰূপ জিলা উপায়ুক্তৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৷

লগতে পঢ়ক : ছয়গাঁৱত ডিজিটেল লাইব্ৰেৰীৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.