মাইক্ৰ'ফাইনান্সৰ ঋণ ৰেহাইৰ দাবীত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 4:03 PM IST

thumbnail

বৰপেটা,১৭ নৱেম্বৰ: বৰপেটাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অসম মাইক্ৰ'ফাইনান্সৰ উদগনি আৰু সকাহ আঁচনিৰ অধীনত বৰপেটা জিলাত ঋণমুক্ত প্ৰমাণ-পত্ৰ লাভ নকৰা মাইক্ৰ'ফাইনান্সৰ ঋণগ্ৰস্ত মহিলাৰ প্ৰতিবাদ ৷ মাইক্ৰ'ফাইনান্সৰ ঋণমুক্তিৰ দাবীত বৰপেটা চহৰৰ মাজেৰে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ সমদল প্ৰতিবাদকাৰীৰ ৷ ২০২১ চনৰ ৩১ মাৰ্চৰ পূৰ্বে ঋণ লোৱা সকলো মহিলাৰ ঋণ অতি সোনকালে ৰেহাই দিয়া আৰু সকলো মহিলাকে No Dues Certificate প্ৰদানৰ দাবীত বৰপেটা কপালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।  

ইপিনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি প্ৰদানৰ পিচতো প্ৰতিশ্ৰুতি অনুসৰি কাম নকৰাত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ ঋণগ্ৰস্ত মহিলাসকললৈ আদালতৰ পৰা চমন জাৰি কৰাটো বন্ধ কৰিবলৈকো দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । আনহাতে মাইক্র'ফাইনেন্স কোম্পানীসমূহে নীতি-বহিঃভূৰ্তভাৱে ঋণ দিয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈকো দাবী প্ৰতিবাদকাৰী কৃষক মুক্তিৰ ।

লগতে পঢ়ক: লখিমপুৰত জাতীয় যুৱ বাহিনীৰ কেন্দ্রীয় সম্পাদকক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.