লখিমপুৰত ৰাইজৰ দলৰ ভাতৃ সংগঠনৰ কেন্দ্রীয় সম্পাদকক আটক

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 3:52 PM IST

Updated : Nov 17, 2023, 4:08 PM IST

thumbnail

লখিমপুৰ, ১৭ নৱেম্বৰ: লখিমপুৰত ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ কেন্দ্রীয় সম্পাদকক আটক । প্ৰতিবাদ কৰিবলৈ আহোতে আটক কৰিলে আৰক্ষীয়ে । ৰাইজৰ দলৰ ভগ্নী সংগঠন জাতীয় যুৱ বাহিনীৰ কেন্দ্রীয় সম্পাদক নিৰ্মল পায়েঙক লখিমপুৰত আৰক্ষীয়ে আটক কৰে । তেওঁক লখিমপুৰ নগৰৰ চি ডি ৰোডৰ পৰা শুকুৰবাৰে দুপৰীয়া আৰক্ষীয়ে আটক কৰে । উল্লেখ্য যে একাংশ সচেতন মিচিং লোকক লৈ তেওঁ প্ৰতিবাদ কৰিবলৈ আহোতে আৰক্ষীয়ে আটক কৰে ।  

চৰকাৰে মিচিং সকলৰ অন্যতম উৎসৱ আলি-আয়ে-লৃগাঙৰ বাবে ৰাজ্যৰ দহখন জিলাত বন্ধ ঘোষণা কৰাত তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আহিছিল । তেওঁলোকে দহখন জিলাৰ সলনি আলি আয়ে লৃগাঙৰ বাবে ৰাজ্যিক বন্ধ ঘোষণা কৰাৰ দাবী লৈ আজি এইদৰে প্ৰতিবাদ জনায় । নিৰ্মল পায়েঙৰ লগত আন একাংশ সচেতন মিচিং লোক আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ উদ্দেশ্য নগৰৰ চি ডি ৰোডত সমবেত হোৱাৰ সময়তে আৰক্ষীয়ে তেওঁক আটক কৰে ।  

সেই সময়তে আৰক্ষীৰে এক ঠেলা-হেঁচাৰ পৰিবেশ সৃষ্টি হয় । লক্ষ্যণীয় যে উক্ত স্থানত প্ৰতিবাদৰ বাবে সমবেত হোৱা আন লোকসকলক এৰি আৰক্ষীয়ে কেৱল নিৰ্মল পায়েঙক আটক কৰে । এই লৈ এতিয়া লখিমপুৰত তীব্র প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

লগতে পঢ়ক: ব্যক্তিগত বাহনৰ সৈতে এটা গৰু চোৰ আটক

Last Updated : Nov 17, 2023, 4:08 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.