AASU protest in Noonmati: নুনমাটিত কৃত্ৰিম বান ৰোধ কৰাৰ দাবীৰে প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 9:24 PM IST

thumbnail

গুৱাহাটী,১০ অক্টোবৰ: উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি ৰূপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি ৰূপায়ণ কৰি আহিছে যদিও কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব নোৱাৰা বাবে প্ৰতিবাৰেই সাধাৰণ এজাক বৰষুণতে জ্বলা-যন্ত্ৰণা সহ্য কৰিব লগা হৈছে মহানগৰবাসীয়ে । চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে সু-পৰিকল্পিতভাৱে বাট-পথ নিৰ্মাণ, মেৰামতিৰ লগতে সময়মতে নলা-নৰ্দমাসমূহ পৰিষ্কাৰ নকৰাৰ বাবে গুৱাহাটীৰ বিভিন্ন অঞ্চল এজাক বৰষুণতে কৃত্ৰিম বানত ডুব যায় ।  

ব্যতিক্ৰম নহয় নুনমাটি খাৰঘুলি সংযোগী কল্পভট্ট চ'ক । এজাক বৰষুণতে পাহাৰৰ পৰা নিগৰি অহা বোকা-পানী ভৰি পৰাৰ ফলত উক্ত পথটোৰে যাতায়ত কৰা পথচাৰীয়ে দুৰ্ভোগ ভুগিব লগা হয় । দীৰ্ঘদিন ধৰি অঞ্চলবাসীয়ে বিধ্বস্ত পথটো মেৰামতি কৰি, সু-পৰিকল্পিতভাৱে নলা-নৰ্দমা নিৰ্মাণ কৰাৰ লগতে সময়মতে নলাৰ জাৱৰ নিষ্কাষণ কৰাৰ বাবে বাৰম্বাৰ গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ তথা লোকনিৰ্মাণ বিভাগক জনায় অহাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ।  

যাৰ পৰিপ্ৰেক্ষিতত নুনমাটি ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কার্যসূচীত ৰাজপথলৈ ওলাই আহে স্থানীয় শতাধিক পুৰুষ-মহিলা । কল্পভট্ট চ'কৰ এনে দুৰৱস্থাৰ বাবে চৰকাৰক ধিক্কাৰ দি ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব নোৱৰা অসম চৰকাৰ হায় হায়, কৃত্ৰিম বানপানীৰ সমস্যাৰ স্থায়ী সমাধান কৰক, আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে ।

লগতে পঢ়ক: Amrit Kalash Controversy: ৰৌ-বৰালী এৰি ব্লক-জিলা পৰ্যায়ৰ নেতাক নিলম্বন কৰিয়েই ক্ষান্ত প্ৰদেশ কংগ্ৰেছ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.