ETV Bharat / state

Amrit Kalash Controversy: ৰৌ-বৰালী এৰি ব্লক-জিলা পৰ্যায়ৰ নেতাক নিলম্বন কৰিয়েই ক্ষান্ত প্ৰদেশ কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 6:51 PM IST

অৱশেষত অমৃত কলহ যাত্ৰাত অংশ লোৱাৰ বাবে কংগ্ৰেছে নিলম্বন কৰিলে দুগৰাকী সদস্যক ৷ কিন্তু সাৰি গ’ল তিনিগৰাকী বিধায়ক ৷ কিয় প্ৰদেশ কংগ্ৰেছে ল’লে এই খেনোক দেখি ৰন্ধা-বহা, খেনোক দেখি দুৱাৰ বন্ধা নীতি ? পঢ়ক সবিশেষ...

Amrit Kalash Yatra
Amrit Kalash Controversy

গুৱাহাটী, ১০ অক্টোবৰ: ‘‘ডাঙৰে কৰিলে লীলা, সৰুৱে কৰিলে ধৰি কিলা ৷’’ অমৃত কলহৰ কন্দলে জৰ্জৰিত কৰি তোলা প্ৰসংগত অসমত কংগ্ৰেছৰ যেন খাপ খায় এই বাক্যশাৰী ৷ অমৃত কলহ যাত্ৰাত ভাগ লোৱাৰ বাবে ৰৌ-বৰালী এৰি কেৱল ব্লক আৰু জিলা পৰ্যায়ৰ নেতাক নিলম্বন কৰিয়েই ক্ষান্ত হ’বলগীয়া হৈছে কংগ্ৰেছ দল ৷ অমৃত কলহ যাত্ৰাত ভাগ লোৱা কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱাৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈছে অসম প্ৰদেশ কংগ্ৰেছ ৷

কাৰ্যসূচী বিজেপি চৰকাৰৰ, অথন্তৰত উপায় নোহোৱা হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ ৷ দেশজুৰি চলা বিজেপিৰ 'মোৰ দেশ, মোৰ মাটি' কাৰ্যসূচীয়ে শলঠেকত পেলাইছে অসম প্ৰদেশ কংগ্ৰেছক ৷ অমৃত কলহ যাত্ৰাত যোগদান কৰা কংগ্ৰেছৰ ‘দুতলীয়া বিধায়ক’ৰ প্ৰসংগই সৃষ্টি কৰা দলীয় অন্তৰ্কলহ এতিয়াও মাৰ যোৱা নাই দলটোৰ ভিতৰ চ’ৰাত ৷ ৰাষ্ট্ৰীয় নেতৃত্বৰ কৈফিয়ৎ তলৱত বিব্ৰত-উপায়হীন APCC ৰ সভাপতি ভূপেন বৰা ৷

শেহতীয়াভাৱে কংগ্ৰেছ দলৰ স্থিতিৰ বিপৰীতে দলীয় কেইবাজনো বিধায়কে চৰকাৰৰ অমৃত কলহ যাত্ৰা কাৰ্যসূচীত ভাগ লোৱাক লৈ প্ৰদেশ কংগ্ৰেছত জোকাৰণি তোলপাৰ লাগে । তাৰ মাজতে দিল্লীলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক মাতি নি কৈফিয়ৎ তলব দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ । নীতিগত আৰু ৰাজনৈতিকভাৱে কংগ্ৰেছে আৰম্ভণিৰ পৰাই সমালোচনা কৰি আহিছে অমৃত কলহ যাত্ৰাৰ ৷

তাৰ পিছতো তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰ আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে অমৃত কলহ যাত্ৰা কাৰ্যসূচীত ভাগ লৈ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গ’ল ৷

লগতে পঢ়ক: Amrit Kalash Yatra controversy: অমৃত কলহ যাত্ৰা কৰা কংগ্ৰেছৰ দুই নেতাক নিলম্বন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতেতো অসমত কংগ্ৰেছৰ মুঠ ৯ গৰাকীকৈ বিধায়কে চৰকাৰৰ অমৃত কলহ যাত্ৰাত ভাগ লৈছিল । নিজৰ দলৰ তিনিজন বিধায়কৰ এনে কাৰ্যত স্বাভাৱিকতে অস্বস্তি আৰু সমালোচনাৰ সন্মুখীন হয় APCC ৰ সভাপতি ভূপেন বৰা । আনকি APCC ৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কংগ্ৰেছত কিছু বিধায়কে দুই তাল মাৰি কাম কৰি থকাৰ মুকলি অভিযোগ আনে ৷ তাৰ পিছতে দিল্লীত শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰি উভতি আহি এপিচিচিৰ সভাপতি ভূপেন বৰাই সোমবাৰে ৰাণা গোস্বামীক কাষত বহাই লৈ সংবাদমেল সম্বোধন কৰে ৷

দলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত এই লৈ জবাবদিহি হোৱাৰ কথা কৈ ভূপেন বৰাই স্পষ্ট কৰি কয় “কংগ্ৰেছৰ তিনিজন বিধায়কে অমৃত কলহ যাত্ৰাত ভাগ লোৱা কাৰ্যই দলীয় কৰ্মীসকলক দুঃখিত কৰিছে । যিজন মানুহে আমাৰ নেতা ৰাহুল গান্ধীৰ DNAক লৈ প্ৰশ্ন কৰে, সেইজন মানুহৰ বেনাৰ-ফটো আদি লৈ যেতিয়া আমাৰ নেতাই পদযাত্ৰা কৰিব ! তেতিয়া আমাৰ দলীয় কৰ্মীৰ মনোবেদনা কেনে হ’ব সকলোৱে বুজা উচিত ৷ চৰকাৰী কাৰ্যসূচী মানে এইটো নহয় যে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ ফটো লৈ পদযাত্ৰা কৰিব, মিটিং কৰিব ৷ সেইটো হ’ব নোৱাৰে ৷”

ইয়াৰ পিছতেই মঙলবাৰে সভাপতি ভূপেন বৰাৰ নিৰ্দেশত অমৃত কলহ যাত্ৰাত ভাগ লোৱা গোৱালপাৰা জিলাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফৰুজা বেগম আৰু মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতি অইনুল হকে চৌধুৰীক দলৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰে ৷ কিন্তু তাৰ বিপৰীতে অমৃত কলহ যাত্ৰাত ভাগ লোৱা বিধায়কৰ ক্ষেত্ৰত বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কংগ্ৰেছ দলে ৷ কেৱল ব্লক আৰু জিলা পৰ্যায়ৰ নেতাক নিলম্বন কৰিয়েই ক্ষান্ত থাকিব লগীয়া হৈছে কংগ্ৰেছ দল ৷

এতিয়া স্বাভাৱিকতে প্ৰশ্ন উঠিছে, কিয় অমৃত কলহ যাত্ৰাত ভাগ লোৱা নিজৰ বিধায়ক সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত আছে প্ৰদেশ কংগ্ৰেছ ? কি বিষয়ে হাত-ভৰি বান্ধি ৰাখিছে প্ৰদেশ কংগ্ৰেছ নাইবা কংগ্ৰেছ ৰাষ্ট্ৰীয় নেতৃত্বক ?

লগতে পঢ়ক: Amrit Kalash yatra controversy: মন্ত্ৰী পীযুষ হাজৰীকাৰ পত্ৰৰ উত্তৰ দিব কংগ্ৰেছে

দলটোৰ ভিতৰুৱা খবৰ অনুসৰি সমুখত লোক সভা নিৰ্বাচন ৷ এই সময়ত বিধায়কক নিলম্বন কৰি কোনো ’ৰিক্স’ ল’ব খোজা নাই কংগ্ৰেছে ৷ ইতিমধ্যেই কেইবাজনো বিধায়কে বিজেপিৰ সৈতে হলি-গলি কৰা আৰু অনান্য কাৰণত দলটোৰ পৰি নিলম্বিত হৈ আছে । নতুনকৈ আৰু বিধায়কক নিলম্বন কৰিলে কংগ্ৰেছে বিধানসভাত সংখ্যাগত দিশত পৰিণাম ভুগিব লাগিব ৷ হেৰুৱাব লগীয়া হ’ব পাৰে প্ৰধান বিৰোধী দলৰ মৰ্যাদা ৷

বিশেষকৈ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কৌশলেৰে নিয়ন্ত্ৰণ কৰিব খুজিছে অমৃত কলহ কন্দল আৰু দুইতলীয়া বিধায়কৰ প্ৰসংগ ৷ জিলা-ব্লক পৰ্যায়ৰ নেতাক নিলম্বনেৰে সাবধানবাণী দি বিষয়টো সামৰিব খুজিছে নেকি কংগ্ৰেছে ? সেয়াও হ’ব লক্ষণীয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.