ETV Bharat / state

Amrit Kalash yatra controversy: মন্ত্ৰী পীযুষ হাজৰীকাৰ পত্ৰৰ উত্তৰ দিব কংগ্ৰেছে

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 3:39 PM IST

Updated : Oct 9, 2023, 3:48 PM IST

‘‘ৰাহুল গান্ধীৰ DNAক লৈ যিজন মানুহে প্ৰশ্ন কৰে, সেইজন মানুহৰ বেনাৰ-ফটো আদি লৈ যেতিয়া আমাৰ নেতাই পদযাত্ৰা কৰিব, তেতিয়া আমাৰ দলীয় কৰ্মীৰ মনোবেদনা কেনে হ’ব সেয়া বুজি পোৱা উচিত ৷’’ ভূপেন বৰাৰ স্পষ্ট কথা ।

Amrit Kalash yatra
letter sent by Minister Pijush Hazarika

কংগ্ৰেছে উত্তৰ দিব মন্ত্ৰী পীয়ুষ হাজৰীকাৰ পত্ৰৰ

গুৱাহাটী, ৯ অক্টোবৰ: “চৰকাৰী কাৰ্যসূচীলৈ বিৰোধী বিধায়কক মতাটো বাধ্যতামূলক, মাতিবই লাগিব ৷ কিন্তু কোনটো কাৰ্যসূচীলৈ যাব, কোনটোলৈ নাযাব সেইটো বাধ্যতামূলক নহয় ৷” অমৃত কলহ যাত্ৰাত কংগ্ৰেছ বিধায়কৰ অংশগ্ৰহণৰ বিতৰ্ক প্ৰসংগত সোমবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

এক সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে কংগ্ৰেছ দলত সকলোৰে গণতান্ত্ৰিক অধিকাৰ আছে ৷ সকলোৱে নিজৰ মতামত ব্যক্ত কৰিছে ৷ সমাধান হৈছে অমৃত কলহ যাত্ৰাক লৈ সৃষ্টি হোৱা কংগ্ৰেছৰ দলীয় মতানৈক্যৰ ।

উল্লেখ্য যে, বিজেপি চৰকাৰৰ অমৃত কলহ যাত্ৰাই কন্দল লগাইছে অসমৰ কংগ্ৰেছ দলত ৷ এফালে অসম প্ৰদেশ কংগ্ৰেছ তথা দলীয় নেতৃত্ববৰ্গই অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ বিৰোধিতা কৰি কঠোৰ ভাষাৰে সমালোচনা কৰিছে । তাৰ বিপৰীতে কংগ্ৰেছৰ ৩ জনকৈ বিধায়কে চৰকাৰীভাৱে আয়োজন কৰা এই অমৃত কলহ যাত্ৰাত অংশ গ্ৰহণ কৰিলে । তাকে লৈ কংগ্ৰেছৰ ভিতৰ চ’ৰাত দুৰ্বাদল কাজিয়া ৷

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে কংগ্ৰেছৰ তিনিগৰাকী নহয়, ৯ গৰাকীকৈ বিধায়কে চৰকাৰৰ অমৃত কলহ যাত্ৰাত ভাগ লৈছিল । তাৰ মাজতে চৰকাৰী অনুষ্ঠানত কংগ্ৰেছৰ বিধায়ক সকলক নিমন্ত্ৰণ জনাব নে নাই সেয়া স্পষ্ট কৰাৰ বাবে কংগ্ৰেছ দলক দেওবাৰে আহ্বান জনাইছেল মন্ত্ৰী পীযুষ হাজৰীকাই ৷ এই সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ এখন পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: Amrit Kalash Yatra: অমৃত কলহে কংগ্ৰেছত লগালে কলহ; ভূপেন বৰালৈ মন্ত্ৰী পীযুষৰ চিঠি

চৰকাৰী কাৰ্যসূচীলৈ কংগ্ৰেছৰ বিধায়কসকলক আমন্ত্ৰণ জনাব লাগিব নে নালাগে, সেয়া কংগ্ৰেছৰ ভূপেন বৰাক স্পষ্ট কৰিবলৈ পত্ৰযোগে আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে । মন্ত্ৰী পীযুষ হাজৰীকাৰ পত্ৰখনৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ভূপেন বৰাই কয়, “আমাৰ নেতা ৰাহুল গান্ধীৰ DNAক লৈ যিজন মানুহে প্ৰশ্ন কৰে, সেইজন মানুহৰ বেনাৰ-ফটো আদি লৈ যেতিয়া আমাৰ নেতাই পদযাত্ৰা কৰিব, তেতিয়া আমাৰ দলীয় কৰ্মীৰ মনোবেদনা কেনে হ’ব সকলোৱে বুজা উচিত ৷ চৰকাৰী কাৰ্যসূচী মানে এইটো নহয় যে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ ফটো লৈ পদযাত্ৰা কৰিব, মিটিং কৰিব ৷ সেইটো হ’ব নোৱাৰে ৷”

লগতে ভূপেন বৰাই কয় যে তেওঁ এই বিষয় লৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰশ্নৰো সন্মুখীন হ’বলগীয়া হৈছে ৷ “সমগ্ৰ ভাৰততে এই অমৃত কলহ যাত্ৰাৰ কাৰ্যসূচী হৈছে ৷ ভাৰতবৰ্ষত এনে এখন ৰাজ্যৰ কথা কওক য’ত কংগ্ৰেছ বিধায়কে পদযাত্ৰা কৰি অংশগ্ৰহণ কৰিছে ৷’’ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰশ্ন ভূপেন বৰালৈ ৷

অৱশ্যেই মন্ত্ৰী পীযুষ হাজৰীকাৰ পত্ৰখনৰ উত্তৰ দিব কংগ্ৰেছে ৷ কিন্তু ভূপেন বৰাই নিজে নহয়, দলৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে’ পুৰকায়স্থই পীযুষ হাজৰীকাৰ পত্ৰ উত্তৰ দিব বুলি মন্তব্য কৰে APCC ৰ সভাপতি ভূপেন বৰাই ৷

লগতে পঢ়ক: Pijush Hazarika on Bhupen Bora : APCC সভাপতি ভূপেন বৰালৈ পত্ৰ প্ৰেৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

Last Updated : Oct 9, 2023, 3:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.