মেৰাপানীত ধৰ্ষণত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত থানা ঘেৰাও

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 8:37 PM IST

thumbnail

মেৰাপানী, ১৭ নৱেম্বৰ: মেৰাপানীত সংঘটিত কিশোৰী ধৰ্ষণৰ ঘটনাত অভিযুক্তক গ্ৰেপ্তাৰ দাবীত থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে । মেৰাপানীৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক এটা বিবাহিত লম্পটে গড়বস্তিত প্ৰলোভনেৰে নিশা শাৰীৰিক নিৰ্যাতন চলোৱা অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত গাঁওবাসীয়ে প্ৰতিবাদ সাব্য়স্ত কৰে । মেৰাপানী আৰক্ষী থানাত এই সন্দৰ্ভত গোচৰ ৰুজু হোৱাৰ ছয় দিন উকলি যোৱাৰ পিছতো ধৰ্ষণৰ অভিযোগত অভিযুক্ত সোন্টি বৰাক গ্ৰেপ্তাৰ নকৰাত ক্ষুব্ধ হৈ মেৰাপানী আৰক্ষী থানা ঘেৰাও কৰে স্থানীয় মহিলা সকলে ।

ইফালে,এই ঘটনা সন্দৰ্ভত গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই মেৰাপানী থানাত স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও মেৰাপানী আৰক্ষীয়ে অভিযুক্ত সোন্টি বৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ধৰ্ষণৰ অভিযোগত অভিযুক্তক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে  প্ৰতিবাদী ৰাইজে ।

লগতে পঢ়ক:Attempt to rape: ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণৰ অপচেষ্টা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.