Attempt to rape: ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণৰ অপচেষ্টা

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 3:57 PM IST

thumbnail

যোৰহাট, 12 নৱেম্বৰ : গোলাঘাট জিলাৰ দেৰগাঁৱৰ নপমুৱা শ’লমাৰি গাঁৱত জঘন্যকাণ্ড সংঘটিত হৈছে ৷  ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী 11 বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপচেষ্টা কৰে এগৰাকী পিতৃসম লোকে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, ২ নং গড়মৰা গাঁৱৰ নিবাসী সুনীল বৰা ওৰফে সোণোশ্বৰ নামৰ লোকজনে কিশোৰীগৰাকী ঘৰত অকলে থকাৰ সময়ত তামোল খাবলৈ চূণ বিচাৰি আহিছিল ৷ কিশোৰীগৰাকীয়ে লোকজনক ৰ’বলৈ কৈ চূণ আনিবলৈ যাওঁতেই তেওঁ কোঠাৰ ভিতৰলৈ সোমাই গৈ কিশোৰীগৰাকীৰ সৈতে অপকৰ্ম কৰিবলৈ চেষ্টা কৰে ৷ লগে লগে কিশোৰীগৰাকীয়ে কোনোমতে লোকজনৰ হাতৰ পৰা সাৰি আহি বাহিৰত চিঞৰ-বাখৰ কৰোঁতে লোকজন পলাই পত্ৰং দিয়ে ৷ এই ঘটনা পোহৰলৈ অহাৰ পিচতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে সোণোশ্বৰ বৰাৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Geetanagar daughter fraud case : জী-জোঁৱাইৰ লুণ্ঠনৰ আখ্যান; লাখ লাখ টকা লৈ অন্তৰ্ধান অংগীৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.