ETV Bharat / state

Geetanagar daughter fraud case : জী-জোঁৱাইৰ লুণ্ঠনৰ আখ্যান; লাখ লাখ টকা লৈ অন্তৰ্ধান অংগীৰা

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 1:33 PM IST

সম্পত্তিৰ লালসাত নিজ সন্তান কিমান তললৈ নামিব পাৰে ,তাৰ নিকৃষ্ট উদাহৰণ গীতানগৰত সংঘটিত হোৱা এক ঘটনা । পিতৃ-মাতৃৰ সকলো সম্পত্তি লৈ উধাও জী-জোঁৱাই ৷

Geeta nagar daughter fraud case
ক’ত হেৰাইছে মানৱতা ?

ক’ত হেৰাইছে মানৱতা ?

গুৱাহাটী, ১২ নৱেম্বৰ : ক’ত হেৰাইছে মানৱতা ? পিতৃ-মাতৃৰ মৰমতকৈয়ো অধিক মূল্যবান নেকি ধন-সম্পত্তি ? সম্পত্তিৰ লালসাত পৰি কিমান তললৈ নামিব পাৰে এটি সন্তান ৷ পুনৰ পোহৰলৈ আহিছে আভিজাত্য গুৱাহাটী মহানগৰীৰ আন এটা ক’লা অধ্যায় ৷

সাত শতৰুৱেও কৰিব নোৱাৰা কাম কৰি দেখুৱালে এগৰাকী জীয়ৰীয়ে ৷ জন্মদাত্ৰী পিতৃ-মাতৃক সর্বস্বান্ত কৰি অন্তৰ্ধান হ’ল জীয়ৰী ৷ এই ঘটনা গুৱাহাটী মহানগৰীৰ গীতানগৰৰ ৷ বিৱৰণি অনুসৰি, পিতৃ-মাতৃৰ চকুত ধূলি দি তেওঁলোকে থকা ফ্লেট জালিয়াতিৰে বেংকত আমানত হিচাপে দি লাখ লাখ টকা সৰকাইছে অংগীৰা কাশ্যপ নামৰ এগৰাকী কন্যা সন্তানে । এই অভিযোগ অংগীৰা কাশ্যপৰ জন্মদাত্ৰী পিতৃ-মাতৃৰ ৷

অংগীৰাৰ পিতৃ-মাতৃয়ে উল্লেখ কৰা অনুসৰি, অংগীৰা আৰু তেওঁলোকৰ জোঁৱায়ে প্ৰৱঞ্চনা কৰি ধন-সম্পত্তিৰ লালসাত চাৰিআলিৰ গীতানগৰ হাইস্কুলৰ সমীপৰ নবীন ইনক্লেৱৰ চতুৰ্থ মহলাত থকা অংগীৰাৰ পিতৃ অৱসৰ প্ৰাপ্ত কাৰ্যবাহী অভিযন্তা মদন খাটনিয়াৰ ফ্লেটটো আমানত হিচাপে দি প্ৰায় ৩৮ লাখ টকা সৰকাইছে ৷ এই বিষয়ে জ্ঞাত হৈ দিক-বিদিক হেৰুৱাইছে অংগীৰাৰ বৃদ্ধ পিতৃ-মাতৃয়ে ৷

এতিয়া বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি উপায়ন্তৰ হৈ মহানগৰীৰ হাতীগড় চাৰিআলিৰ এই বৃদ্ধ পিতৃ-মাতৃয়ে এতিয়া কাষ চাপিছে আৰক্ষীৰ ৷ এই বাতৰি পোহৰলৈ অহাৰ পাচতে বিভিন্ন মহলৰ মাজত আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

অকল এয়াই নহয়, ৰাজস্থানৰ জোঁৱাই দুলাল কুমাৰ দাসৰ সৈতে মিলি কন্যা অংগীৰা কাশ্যপে মাতৃৰ এছ বি আই বেংকৰ লকাৰত থকা ৪০ তোলা সোণো জালিয়াতি কৰি সৰকায় । ইয়াৰ পিচত জী-জোঁৱাই ৰাজস্থান অভিমুখে ৰাওনা হয় । ইফালে এই ঘটনাৰ পিচতে ৰাজস্থানলৈ যোৱা অংগীৰা কাশ্যপৰ ম’বাইল ফোনো বিগত ১৭ অক্টোৰৰ পৰাই বন্ধ হৈ আছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ভুক্তভোগী পিতৃ-মাতৃয়ে ।

নিজ কন্যাৰ এনে কৰ্মকাণ্ডত অতিষ্ঠ হৈ এতিয়া গীতানগৰ আৰক্ষীয়েই শেষ ভৰষা হৈ পৰিছে এই বৃদ্ধ দম্পত্তিটোৰ বাবে ৷

লগতে পঢ়ক : Student enrollment with fraud : আজবকাণ্ড; ধনৰ খকত জালিয়াতিৰে ছাত্ৰৰ নামভৰ্তি বিদ্যালয়ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.