ETV Bharat / state

Student enrollment with fraud : আজবকাণ্ড; ধনৰ খকত জালিয়াতিৰে ছাত্ৰৰ নামভৰ্তি বিদ্যালয়ত !

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 8:06 AM IST

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পাতিবলৈ জালিয়াতিৰে ছাত্ৰৰ নামভৰ্তি । অন্য বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ বয়স জালিয়াতি কৰি নামভৰ্তি কৰিলে ষষ্ঠ শ্ৰেণীত । সভাপতি নিৰ্বাচিত হোৱাৰ পিচত অভিযোগ দাখিল কৰাত শিক্ষা সেতু এপৰ পৰা ছাত্ৰগৰাকীৰ সকলো তথ্য আঁতৰাই পেলায় । ছাত্ৰগৰাকীৰ তথ্য নাইকীয়া কৰাৰ ক্ষেত্ৰত এম আই এছ কোৰ্ডিনেটৰ আলম খানে সহযোগ কৰাৰ অভিযোগ । পিচে এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত দেউকুৰা এম ই স্কুলত ৷

Student enrolled in school
জালিয়াতিৰে ছাত্ৰৰ নামভৰ্তি

ধনৰ খকত জালিয়াতিৰে ছাত্ৰৰ নামভৰ্তি বিদ্যালয়ত !

জনিয়া, 12 নৱেম্বৰ : বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পাতিবলৈ কিমান তললৈ নামিব পাৰে এজন প্ৰধান শিক্ষক ? তাৰ এক জলন্ত উদাহৰণ দেউকুৰা এম ই স্কুল । পূৰ্বৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শুকুৰ আলীক পুনৰ সভাপতি পাতিবলৈ বিদ্যালয়খনৰ প্ৰধান শিক্ষক ছাইদুৰ ৰহমানে হালধীয় এম ই স্কুলৰ এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ বয়স জালিয়াতি কৰি নামভৰ্তি কৰে বুলি অভিযোগ উত্থাপিত হৈছে ।

ইফালে বিগত 2 নৱেম্বৰ তাৰিখে সাধাৰণ সভাৰ জৰিয়তে জালিয়াতিৰে নামভৰ্তি কৰা ভুৱা ছাত্ৰৰ অভিভাৱক শুকুৰ আলীক সভাপতি হিচাপে নিৰ্বাচন কৰে যদিও উক্ত ছাত্ৰজনৰ তথ্য লাভ কৰি একাংশ ৰাইজ আৰু অভিভাৱকে বিগত 4 নৱেম্বৰ তাৰিখে ৰূপসী শিক্ষাখণ্ডৰ শিক্ষা বিষয়াৰ প্ৰদীপ দাসক লিখিত অভিযোগ কৰে ।

শিক্ষা বিষয়াগৰাকীয়েও বিষয়টো গুৰুত্ব সহকাৰে লৈ লগে লগে এম আই এছ কোৰ্ডিনেটৰ আলম খানক তদন্ত কৰিবলৈ দিয়ে । কিন্তু 4 নৱেম্বৰত অভিযোগ দাখিল কৰাৰ পিচত বিভাগীয় তদন্ত হোৱাৰ পূৰ্বেই ৫ বা ৬ নৱেম্বৰ তাৰিখে উক্ত ভুৱা ছাত্ৰ গৰাকীৰ সকলো তথ্য শিক্ষা সেতু এপৰ পৰা আঁতৰাই পেলাই বুলি প্ৰধান শিক্ষক ছাইদুৰ ৰহমানে জানিবলৈ দিয়ে ।

এই ক্ষেত্ৰত মোটা অংকৰ ধনৰ বিনিময়ত প্ৰধান শিক্ষক ছাইদুৰ ৰহমানে এম আই এছ কোৰ্ডিনেটৰ আলম খানৰ জৰিয়তে ভুৱা ছাত্ৰগৰাকীৰ সকলো তথ্য শিক্ষা সেতু এপৰ পৰা ডিলিট কৰা বুলি গুৰুতৰ অভিযোগ কৰে কোৰবান আলীয়ে ।

ইয়াৰ উপৰিও এই সমগ্ৰ কাণ্ডত এম আই এছ কোৰ্ডিনেটৰ আলম খান জগৰীয়া বুলিও অভিযোগ উত্থাপন হৈছে । সেয়ে কোৰ্ডিনেটৰ আলম খান আৰু প্ৰধান শিক্ষক ছাইদুৰ ৰহমানৰ বিৰুদ্ধে তদন্তৰ জৰিয়তে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰে কোৰবান আলীয়ে ।

লগতে পঢ়ক : Ayodhya Deepotsav 2023 : দীপোৎসৱক লৈ উদুলি-মুদুলি অযোধ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.