ETV Bharat / bharat

Ayodhya Deepotsav 2023 : দীপোৎসৱক লৈ উদুলি-মুদুলি অযোধ্যা

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 8:44 PM IST

Updated : Nov 11, 2023, 11:00 PM IST

ৰাম নগৰী অযোধ্যাত আনন্দমুখৰ পৰিৱেশ । দীপোৎসৱ ২০২৩ৰ লগত সংগতি ৰাখি বিশাল শোভাযাত্ৰাৰ আয়োজন । ২৪ লাখ চাকি জ্বলোৱা হ'ব । পুৱাৰে পৰা অযোধ্যা চহৰত হাজাৰ হাজাৰ ভক্তৰ ভিৰ ।

Ayodhya Deepotsav 2023
দীপোৎসৱক লৈ উদুলি মুদুলি অযোধ্যা

দীপোৎসৱক লৈ উদুলি মুদুলি অযোধ্যা

নেশ্যনেল ডেস্ক,১১ নৱেম্বৰ : ভগৱান ৰামৰ জন্মস্থান অযোধ্যাত দীপোৎসৱক লৈ উদুলি মুদুলি পৰিৱেশ । ইতিমধ্যে দীপোৎসৱ ২০২৩ আয়োজনৰ বাবে সাজু হৈছে অযোধ্যাবাসী । ৰাম জন্মভূমিলৈ আগমন হৈছে হাজাৰ হাজাৰ ভক্তৰ । শনিবাৰে অযোধ্যাৰ মূল পথত দেখা গৈছে বিশাল শোভাযাত্ৰাৰ । দেশৰ বিভিন্ন প্ৰান্তৰ লোকশিল্পীসকলে অযোধ্যাত ভগৱান ৰামৰ আগমনৰ এই উৎসৱত অংশ লৈছে ।

বিভিন্ন ধৰণৰ পোছাক, বিভিন্ন ৰং আৰু বাদ্যযন্ত্ৰৰ সৈতে হাজাৰ হাজাৰ শিল্পীয়ে ভগৱান শ্ৰীৰামৰ জন্মভূমিত ভিৰ কৰিছে । এই বিশাল শোভাযাত্ৰা সাকেত মহাবিদ্যালয়ৰ পৰা ৰাম কথা উদ্যানলৈ উলিওৱা হয় । এই সময়ঠোৱাত সমগ্ৰ পথটোত সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয় । দীপোৎসৱ ২০২৩ কাৰ্যসূচীৰ প্ৰথম অনুষ্ঠানটোৱে হৈছে শোভাযাত্ৰা । ইয়াৰ পাছতে অযোধ্যাৰ ৰাম কথা উদ্যানত ভগৱান ৰামৰ ৰাজতিলক কাৰ্যসূচী আয়োজন কৰা হ'ব ।

দীপোৎসৱৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত অন্যতম হৈছে অযোধ্যাত ২৪ লাখতকৈও অধিক চাকি জ্বলোৱা হ'ব । সৰয়ু ঘাটত মা সৰয়ুৰ আৰতি আৰু বিশাল আতচবাজী কাৰ্যসূচীও দীপোৎসৱ ২০২৩ৰ অন্যতম আকৰ্ষণ হ'ব ।

সামগ্ৰিকভাৱে এই গোটেই অনুষ্ঠানটো অযোধ্যাৰ মৰ্যাদাৰ সৈতে সামঞ্জস্যপূৰ্ণ আৰু আজি অযোধ্যাৰ ৰাইজে ট্ৰেটা যুগৰ অযোধ্যা যেন অনুভৱ কৰিছে । অযোধ্যাৰ প্ৰতিটো পথ, উপপথ আজি আলোকিত হৈ আছে । ঠায়ে ঠায়ে এলইডি স্থাপন কৰি দীপোৎসৱৰ পোনপটীয়া সম্প্ৰচাৰৰো ব্যৱস্থা কৰা হৈছে । দূৰদৰ্শনত দীপোৎসৱ ২০২৩ৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব বুলিও ঘোষণা কৰা হৈছে । মুঠতে সমগ্ৰ অযোধ্যা এতিয়া আনন্দত মতলীয়া হৈ পৰিছে ।

লগতে পঢ়ক :Diwali 2023: ঘৰতে প্ৰস্তুত কৰিবলৈ গৈ আছে দীপাৱলীৰ মিঠাই ? তেন্তে চেনিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰক এই সামগ্ৰী

Last Updated : Nov 11, 2023, 11:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.