Protest against Electricity Sub Division : বিদ্যুৎ উপসংমণ্ডলৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 4:06 PM IST

thumbnail

বিলাসীপাৰা, 23 ছেপ্টেম্বৰ: বিলাসীপাৰাত বিদ্যুৎ উপ-সংমণ্ডলৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ । লক্ষীগঞ্জত ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি শ শ ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ । বিলাসীপাৰা বিদ্যুৎ উপ-সংমণ্ডলৰ বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে আৰু এচাম বিষয়া-কৰ্মচাৰীয়ে ঠিকাদাৰৰ সৈতে গোপন মিতিৰালিৰে অতি নিম্নমানৰ বৈদ্যুতিক তাঁৰ সংযোগ কৰাৰ অভিযোগ তুলি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । 

যাৰ বাবে এই তাঁৰবোৰত সঘনাই অগ্নিসংযোগ ঘটি নিৰাপত্তাহীনতাত ভোগাইছে স্থানীয় লোকক । ইতিমধ্যে কেবাবাৰো এনেদৰে জুইৰ সূত্ৰপাত ঘটাৰ ফলত সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হয় যদিও কথমপি ৰক্ষা পৰিছে মানুহৰ প্ৰাণ । এই সন্দৰ্ভত ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত ৰাইজ ক্ষোভিত হৈ লক্ষীগঞ্জৰ মূল পথ অৱৰোধ কৰি পৰিস্থিতি উত্তাল কৰি তোলে । 

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক: Rape in Dibrugarh : অসৎ কামনা চৰিতাৰ্থ কৰাৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে, গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.