Prize Money Football Tournament: ধনশিৰিৰ অসম নাগালেণ্ড সীমান্তত প্ৰাইজ মাণি ফুটবল প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 10:04 AM IST

thumbnail

সৰুপথাৰ, 25 ছেপ্টেম্বৰ: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী চি চেক্টৰৰ অন্তৰ্গত বিদ্যাপুৰ খেলপথাৰত দেওবাৰৰ পৰা আৰম্ভ হৈছে প্ৰাইজমাণি বাম্পাৰ ফুটবল প্ৰতিযোগিতা ৷ ৰাইজিং ক্লাৱৰ উদ্যোগত আৰু অসম-নাগালেণ্ড সীমান্তৱৰ্তী ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে উক্ত প্ৰতিযোগিতাখন ৷ দেওবাৰে শুভাৰম্ভ কৰা প্ৰতিযোগিতাৰ অনুষ্ঠানত সভাপতিত্ব কৰে খেল পৰিচালনা সমিতিৰ সভাপতি হৰিশ নাথে ৷  

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া দ্বীপেন পাটৰ, নাগালেণ্ডৰ ৰালাং মহকুমাৰ মহকুমাধিপতি তথা সীমান্ত দণ্ডাধীশ ৰহেও পেচাইয়ে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে 142 নং চি চেক্টৰৰ সেনা বিষয়া শ্বাহজাহান পি.কে, উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিদা হাজৰিকাৰ লগতে বহু গণ্যমান্য ব্যক্তি ৷ ইফালে উদ্বোধনী মেচখন নাগালেণ্ডৰ ডিমাপুৰ এফ চি আৰু অসমৰ খেৰবাৰী এফ চিৰ মাজত অনুষ্ঠিত হয় ৷  

লগতে পঢ়ক:Akhil Gogoi: বিৰোধিতা নকৰিলেও সমৰ্থনো কৰিব নোৱাৰি মহিলা সংৰক্ষণ আইনক; কিয় ক’লে অখিল গগৈয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.