President Droupadi Murmu at Bokakhat: বোকাখাতৰ ৰাজপথত জনতাক কৰমৰ্দন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ

By

Published : Apr 6, 2023, 6:21 PM IST

thumbnail

বোকাখাত, 6 এপ্ৰিল: অসমত পদাৰ্পণ কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে (President Droupadi Murmu Assam visit) ৷ যোৰহাট বিমান বন্দৰত উপস্থিত হোৱাৰ পিচতে বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ অস্থায়ী হেলিপেডত পৰ্যায়ক্ৰমে তিনিখন হেলিকেপ্টাৰেৰে অৱতৰণ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে (President Droupadi Murmu at Bokakhat) ৷ ৰাষ্ট্ৰপতিগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বোকাখাত ৰাজহুৱা খেলপথাৰৰ পৰা মন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিত্তমন্ত্ৰী অজন্তা নেওগে ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায় ৷ 

বোকাখতৰ ৰাজপথত খোজ কাঢ়ি ৰাজপথত ৰৈ থকা জনতাক কৰমৰ্দন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে (President Droupadi Murmu greets people) ৷ নাম-কীৰ্তনেৰে বোকাখাতবাসীয়ে ৰাষ্ট্ৰপতিগৰাকীক ৰাজপথত বিপুল আদৰণি জনায় ৷ বোকাখাতৰ পৰা ৰাষ্ট্ৰপতিগৰাকী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জীপ চাফাৰীৰ আনন্দ ল’ব (President Droupodi Murmu will visit Kaziranga)৷ 

লগতে পঢ়ক: Draupodi Murmu Assam Visit : ৰাষ্ট্ৰপতিৰ আগমনৰ পৰিপ্ৰেক্ষিতত যান-বাহন চলাচলত নিয়ন্ত্ৰণ

৭ এপ্ৰিলত কাজিৰঙাত ৰাজ্যৰ বন বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা গজ মহোৎসৱৰ প্ৰথম দিনটোত অংশ ল’ব ৰাষ্ট্ৰপতি মুৰ্মূৱে ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু ৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.