Pregnant woman attacked: মৰিয়নীত নিশাৰ নিৰৱতা ভেদিলে নিযাৰ্তিতা অন্তঃসত্বা মহিলাৰ চিঞৰে

By

Published : Aug 6, 2023, 2:16 PM IST

thumbnail

যোৰহাট, 6 আগষ্ট : মানৱ সমাজত যেন মানৱীয়তা শব্দটো ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে । এইবাৰ পোহৰলৈ আহিছে মানৱ সমাজক লজ্জানত কৰা এক অমানৱীয় ঘটনা ৷ ঘটনাৰ স্থান মৰিয়নীৰ ৰে’লৱে জংচঙৰ পদপথ । অভিযোগ অনুসৰি, শনিবাৰে পদপথৰ এগৰাকী পাঁচ মহীয়া অন্তঃসত্বা মহিলাক আন এগৰাকী মহিলাই পেটত আঘাত কৰে ৷ তাৰ পিচতে গুৰুতৰভাৱে আহত হয় অন্তঃসত্বা মহিলাগৰাকী ৷

এই ঘটনাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ পেটৰ বিষত চটফটাই থকা মহিলাগৰাকীক হাস্পতাল নিবলৈয়ো এজনো লোক ওলাই নাহিল ৷ আনকি এই সন্দৰ্ভত ৰে’লৱে আৰক্ষীও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইফালে 108 সেৱাক ফোন কৰা 3 ঘন্টা পাচতো উক্ত স্থানত উপস্থিত নোহোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

অৱশ্যে পৰৱৰ্তী সময়ত কেইবাজনো সাংবাদিকৰ তৎপৰতাত অন্তঃসত্বা মহিলাগৰাকীক এখন ই-ৰিক্সাত মৰিয়নী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । এই ঘটনাই সমাজত সংঘটিত হৈ থকা বহু ঘটনাই পোহৰলৈ আনিছে ৷ এই বাতৰি প্ৰকাশ হোৱাৰ পাচত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Gauripur mob lynching update: গৌৰীপুৰৰ গণপ্ৰহাৰকাণ্ডৰ মূল অভিযুক্ত আশ্ৰাফ আলীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.