দুটা বছৰেও সম্পূৰ্ণ নহ’ল টীয়কৰ গুৱালগাঁও-এজাৰগুৰি সংযোগী পথ, ৰাইজৰ ক্ষোভ

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 8:10 PM IST

thumbnail

টীয়ক, 6 জানুৱাৰী : টীয়ক গুৱাল গাঁও এজাৰগুৰি সংযোগী পথটো প্ৰায় ডেৰ বছৰ আধৰুৱা হৈ পৰি থকাৰ পৰিপ্ৰেক্ষিতত ৰাইজে বাৰুকৈ দুৰ্ভোগ ভুগিব লগীয়া হৈছে ৷ জানিব পৰা মতে আজিৰ পৰা প্ৰায় ডেৰ-দুই বছৰৰ আগতে প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে আঢ়ৈ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে কাম আৰম্ভ হৈছিল ৷  

বিগত বাৰিষাত এই পথেৰে অহা-যোৱা কৰা প্ৰায় বিশখন গাৱঁৰ ৰাইজে পথটো সুন্দৰভাৱে নিৰ্মাণৰ স্বাৰ্থত বোকা-পানীৰ মাজেৰেই অহা-যোৱা কৰি আহিছে আৰু ঠিকাদাৰেও পথটোৰ স্বাৰ্থত ৰাইজক এইটো শেষ বাৰিষা, বোকা-পানী গচকি খৰালি পৰ্যন্ত পথৰ কাম সম্পূৰ্ণ কৰাৰ আশ্বাস দিয়ে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে খৰালিৰ দুটা মাহ পাৰ হৈ যোৱাৰ পাছতো ঠিকাদাৰে কোনো ধৰণৰ কামৰ অগ্ৰগতিৰ ব্যৱস্থা নকৰাত ৰাইজ এতিয়া চিন্তিত হৈ পৰিছে ৷

ঠিকাদাৰ অথবা বিভাগীয় কৰ্তৃপক্ষক যোগাযোগ কৰিও ৰাইজে কোনো সদুত্তৰ নাপাই আজি পথলৈ সকলো পুৰুষ-মহিলা ওলাই আহি অনতি পলমে পথটো সম্পূৰ্ণ কৰি দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ৷ লগতে এনেকুৱা মিছলীয়া দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাইজে ৷ 

লগতে পঢ়ক : মন্দিয়া উন্নয়ন খণ্ডত ১ কোটিৰো অধিক টকাৰ কেলেংকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.