ETV Bharat / state

মন্দিয়া উন্নয়ন খণ্ডত ১ কোটিৰো অধিক টকাৰ কেলেংকাৰী

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 5:25 PM IST

Mandiya BDO office: উন্নয়নমূলক কাম নকৰাকৈয়ে চৰকাৰী আঁচনিৰ ধন লুণ্ঠন কৰিলে বৰপেটাৰ প্ৰাক্তন খণ্ড উন্নয়ন বিষয়াই । পঞ্চায়তৰ সভানেত্ৰী আৰু এটা প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰায় ১ কোটি ৩০ লাখ টকাৰ আত্মাসাৎ কৰাৰ অভিযোগ খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে । এই সন্দৰ্ভত বৰ্তমানৰ খণ্ড উন্নয়ন বিষয়াই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে ।

Mandiya BDO office scam
মন্দিয়া উন্নয়ন খণ্ডত ১ কোটিৰো অধিক টকাৰ কেলেংকাৰী

মন্দিয়া উন্নয়ন খণ্ডত ১ কোটিৰো অধিক টকাৰ কেলেংকাৰী

বৰপেটা, ৬ জানুৱাৰী : বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডত প্ৰায় ১ কোটি ৩০ লাখ টকাৰ বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে । কোনো ধৰণৰ কাম নকৰাকৈয়ে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ এটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে । বৰপেটাৰ মন্দিয়া উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়াই এই অভিযোগ উত্থাপন কৰিছে ।

উল্লেখ্য যে মন্দিয়া উন্নয়ন খণ্ডৰ পঞ্চদশ আঞ্চলিক পঞ্চায়তৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে ধন মোকলাই দিছিল । কিন্তু সেই ধন সেই সময়ত থকা খণ্ড উন্নয়ন বিষয়া চফিকুল ইছলাম আৰু পঞ্চায়তৰ সভানেত্ৰী কুলছুমা তালুকদাৰে আৰিয়ান এন্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ছফিউৰ ৰহমানৰ জৰিয়তে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে । বৰ্তমানৰ মন্দিয়া খণ্ড উন্নয়ন বিষয়া পল্লৱী দাসে এই অভিযোগ উত্থাপন কৰিছে ।

জানিব পৰা মতে আঁচনিৰ ধন কাৰিকৰী বিষয়াক জনাইহে আদান প্ৰদান কৰা হয় । কিন্তু এই ক্ষেত্ৰত কোনো কাৰিকৰী বিষয়াক নজনোৱাকৈয়ে খণ্ড উন্নয়ন বিষয়া চফিকুল ইছলাম আৰু পঞ্চায়তৰ সভানেত্ৰী কুলছুমা তালুকদাৰৰ সহযোগত আৰিয়ান এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী ছফিউৰ ৰহমানে মিলি এই বৃহৎ ধন আত্মসাৎ কৰিছে বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে বৰ্তমানৰ খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে । এই বৃহৎ কেলেংকাৰীটো সংঘটিত কৰি কাৰ আশীৰ্বাদত সেই সময়ৰ খণ্ড উন্নয়ন বিষয়া চফিকুল ইছলামে বদলি ল'লে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন ।

অভিযোগ অনুসৰি ব্লক এলেকাৰ ডুঙ্গল অৰ্থাৎ ডিজিটেল চহীৰ জৰিয়তে আঁচনিৰ সমস্ত ধন আত্মসাৎ কৰিছে চফিকুল ইছলাম আৰু পঞ্চায়তৰ সভানেত্ৰী কুলছুমা তালুকদাৰে । এই ঘটনা পোহৰলৈ অহাৰ পাছতে বৰপেটা জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াই তদন্ত আৰম্ভ কৰি উক্ত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰো নিৰ্দেশ দিছে । সেইমৰ্মে মন্দিয়া উন্নয়ন খণ্ডৰ বিষয়াই আৰক্ষীৰ ওচৰত ৩ জন অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । অৱশ্যে আৰক্ষীয়ে এতিয়ালৈ অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।

লগতে পঢ়ক : গোৱালপাৰাত ২০ হেজাৰ টকা উৎকোচ লওঁতেই গ্ৰেপ্তাৰ কৃষি বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.