Poor condition of a Govt school: শিক্ষামন্ত্ৰীৰ গৃহ জিলাত জৰাজীৰ্ণ বাঁহৰ গৃহত শিক্ষাৰ্থীয়ে আওৰাই জীৱনৰ আদিপাঠ

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 2:26 PM IST

thumbnail

জোনাই, ২৮ ছেপ্টেম্বৰ : এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পুতৌ লগা দৃশ্য । জৰাজীৰ্ণ বাঁহৰ গৃহতে বছৰ বছৰ ধৰি পাঠদান কৰি আহিছে বহু কণ কণ শিক্ষাৰ্থীয়ে । এই ক্ষেত্ৰত শিক্ষা বিভাগে কোনো কাণষাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে সচেতন মহলৰ লগতে বিদ্যালয়ৰ শিক্ষকে ৷

আমি উল্লেখ কৰা এই বিদ্যালয়খন আছে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ জিলাত ৷ বিদ্যালয়খন হৈছে ধেমাজি জিলাৰ জোনাইৰ নৈ-পৰীয়া চিয়াং লালী নদীৰ কাষতে থকা বেৰা মাজগাঁও চৰকাৰী প্ৰাথমিক বিদ্যালয় ৷ বছৰ বছৰ ধৰি জৰাজীৰ্ণ বাঁহৰ পঁজাত শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীৰ বাবে পাঠদানৰ সময়ত বহিবলৈ নাই পৰ্যাপ্ত পৰিমাণৰ ডেস্ক-বেঞ্চো ।

ইফালে অলপ বৰষুণ হ’লেই বিদ্যালয় বন্ধ দিব লগা পৰিস্থিতিৰ উদ্ভৱ হয় ৷ কিয়নো ফুটা টিনৰ বাবে অলপ বৰষুণতে পানীময় হৈ পৰিছে বিদ্যালয়ৰ গৃহসমূহ ৷ ফলত বিদ্যালয়ৰ মূল্যৱান নথি-পত্ৰৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীৰ কিতাপ বহীও নষ্ট হৈ যায় ।

লগতে পঢ়ক : Save Deepar Beel: পৰিভ্ৰমী পক্ষীৰ লগতে দীপৰ বিলত হ্ৰাস থলুৱা চৰাইৰ সংখ্যা 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.