Gandhi Jayanti 2023 : মৰাণত উপেক্ষিত হৈ ৰ'ল মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আৰু গান্ধী উদ্যান

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 10:14 AM IST

thumbnail

ডিব্ৰুগড়, ২ অক্টোবৰ : আজি ২ অক্টোবৰ, গান্ধী জয়ন্তী ৷ গান্ধী জয়ন্তী উপলক্ষে ৰাজ্য তথা দেশৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ভিন্ন অনুষ্ঠানৰ ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্ম জয়ন্তীৰ প্ৰাকক্ষণত "এক তাৰিখ এক ঘণ্টা এক সাথ" কাৰ্যসূচী ৰূপায়ণৰ বাবে আহ্বান জনাইছিল দেশবাসীক ।

ইয়াৰ পাচতেই দেওবাৰে দেশৰ মন্ত্ৰী, বিধায়ক, প্ৰশাসন বিষয়া সকলো ব্যস্ত হৈছিল "এক তাৰিখ এক ঘণ্টা এক সাথ" কাৰ্যসূচীৰ জৰিয়তে স্বচ্ছতাৰ বাবে শ্ৰমদান কাৰ্যসূচীত । কিন্তু ইয়াৰ মাজতেই কিন্তু আজিৰ দিনটোত মৰাণত অৱহেলিত হৈ ৰ'ল মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আৰু গান্ধী উদ্যান । স্বচ্ছ ভাৰত অভিযানৰ সম্পূৰ্ণ বিপৰীত ছবি পৰিলক্ষিত হ'ল মৰাণ নগৰৰ মাজ-মজিয়াত অৱস্থিত গান্ধী উদ্যানত ।

স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সময় নাপালে প্ৰশাসন, জনপ্ৰতিনিধিয়ে । এই অভিযোগ স্থানীয় সচেতন লোকৰ ৷ স্থানীয় সচেতন লোকে উল্লেখ কৰা অনুসৰি, এই উদ্যানখন দীৰ্ঘদিন ধৰি হাবি-জংঘলেৰে ভৰি আছে ৷ য'ত অৱহেলিত হৈ ৰৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ পূৰ্ণ অবয়ৱৰ এটা প্ৰতিমূৰ্তি ৷ মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি প্ৰশাসন, জনপ্ৰতিনিধিৰ এয়া চূড়ান্ত অৱহেলা বুলি অভিযোগ কৰিছে সচেতন মহলে ।

লগতে পঢ়ক : Gandhi Ghar at Sarania Hill: গুৱাহাটীৰ ‘গান্ধী ঘৰ’ত আজিও আছে মহাত্মা গান্ধীৰ মাদকতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.