টিংখাঙৰ বৰবামত গৰুভৰ্তি বাহন জব্দ

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 1:34 PM IST

thumbnail

টিংখাং, 19 নৱেম্বৰ : ৰাজ্য চৰকাৰে গৰু সৰবৰাহ বন্ধ কৰাৰ কঠোৰ নিৰ্দেশ দিয়াৰ পাচতো ৰাজ্যত অব্যাহত গৰুৰ চোৰাং সৰবৰাহ । ইয়াৰ মাজতেই ডিব্ৰুগড় জিলাৰ টিংখাঙৰ বৰবাম আৰক্ষীয়ে অভিযান চলাই আজি (দেওবাৰ) পুৱতি নিশা 2 নং কেচেৰুগুৰিৰ পৰা গৰুসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় । অৱশ্যে বাহনখনত থকা লোককেইজন পলাই যাবলৈ সক্ষম হয় ৷

উল্লেখ্য় যে, AS33C0685 নম্বৰৰ বাহনখনত সৰবৰাহৰাৰীয়ে 6 টা গৰু টিংখাঙৰ দিশেৰে নিয়াৰ সময়তে তহলদাৰী আৰক্ষীয়ে ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও বাহনখনে পলাবলৈ চেষ্টা কৰে । অৱশেষত আৰক্ষীয়ে খেদি খেদি বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ।

গো-সুৰক্ষা আইন বলৱৎ হোৱাৰ পিচতো ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । নিশাৰ আন্ধাৰত নহয়, দিন দুপৰতে ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহকাৰীয়ে পাৰ কৰিছে অবৈধভাৱে কঢ়িওৱা গৰু ভৰ্তি ট্ৰাক ।

লগতে পঢ়ক:আৰক্ষীয়ে নহয়, ৰহাৰ ডিমৌত স্থানীয় ৰাইজে জব্দ কৰিলে চোৰাংকৈ সৰবৰাহ কৰা গৰুভৰ্তি বাহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.