আৰক্ষীয়ে নহয়, ৰহাৰ ডিমৌত স্থানীয় ৰাইজে জব্দ কৰিলে চোৰাংকৈ সৰবৰাহ কৰা গৰুভৰ্তি বাহন

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 10:40 PM IST

thumbnail

ৰহা, 16 নৱেম্বৰ : আৰক্ষীৰ চকুত ধূলি মাৰি ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ । এইবাৰ দিন দুপৰতে অবৈধভাৱে গৰু সৰবৰাহ । বৃহস্পতিবাৰে ৰহাৰ ডিমৌত জব্দ অবৈধভাৱে সৰবৰাহ কৰা ১২ টাকৈ গৰুসহ এখন পিকআপ ভান । বাহনখনৰ নম্বৰ AS 02 DC 2878 ৷  ইপিনে মানুহৰ সমাগম দেখি পলায়ন কৰে গাড়ীখনৰ চালক আৰু হেণ্ডিমেন ।

জানিব পৰা মতে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি থকা পিকআপ ভানখন ৰহাৰ ডিমৌত বিত্তীয় প্ৰতিষ্ঠানৰ এজেণ্টে কিস্তি নিদিয়াৰ বাবে আগভেটি ধৰে । ফলত ওলাই পৰিল জোলোঙাৰ মেকুৰী । গাড়ীখনত ট্ৰিপালেৰে ঢাকি কঢ়িয়াই আনিছিল ১২ টাকৈ গৰু । স্থানীয় ৰাইজে গৰুকেইটা প্ৰত্যক্ষ কৰি আগবাঢ়ি আহোঁতেই পলায়ন কৰে বাহনখন চালক আৰু হেণ্ডিমেনে । পাচত ৰাইজে গৰুসহ বাহনখন ৰহা আৰক্ষীক গতাই দিয়ে ।

লগতে পঢ়ত : বাকী নিদিয়াৰ বাবেই দোকানীক মাৰপিট উদণ্ড যুৱকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.