বাকী নিদিয়াৰ বাবেই দোকানীক মাৰপিট উদণ্ড যুৱকৰ

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 5:34 PM IST

thumbnail

যোৰহাট, 16 নৱেম্বৰ : যোৰহাটৰ নিউ ভিল ৰোডত ভয়ংকৰ ঘটনা ৷ দোকানত বাকী বিচাৰি আহি দিন দুপৰতে উদণ্ড যুৱকৰ তাণ্ডৱ। দোকানীয়ে বাকী দিবলৈ মান্তি নোহোৱাত লাঠিৰে প্ৰহাৰ দোকানীক ৷  নিউ ভিল ৰোডৰ সুৰজ ষ্টোৰ নামৰ দোকানখনত এই কাণ্ড সংঘটিত কৰে বুবু আনচাৰি নামৰ যুৱকজনে ৷ 

জানিব পৰামতে বুবুৱে পূৰ্বতে ৭ হেজাৰ টকাৰ বাকী লৈ গৈ দোকানখনত ধন পৰিশোধ কৰা নাছিল ৷ তাৰ পিচত যেনেতেনে দোকানীগৰাকীয়ে লোকজনক ফোন কৰি আজি অলপ ধন লৈ আহিবলৈ কৈছিল ৷ সেইমতে তেওঁ অলপ ধন পৰিশোধ কৰিয়েি পুনৰ দোকানখনৰ পৰা বাকী বিচাৰে ৷ 

কিন্তু এইবাৰ দোকানীগৰাকীয়ে বাকী দিবলৈ অমান্তি হোৱাত এজাল লাঠিৰে দোকানী যুৱকগৰাকীক প্ৰহাৰ কৰে ৷ এই সমগ্ৰ ঘটনা বন্দী হৈছে দোকানখনৰ চিচি কেমেৰাত ৷ ইতিমধ্যে আৰক্ষীয়ে উদণ্ড যুৱকজনক বিচাৰি অভিযান চলাইছে যদিও যুৱকজন বৰ্তমান পলাতক হৈ আছে । 

এই ঘটনাই বৰ্তমান যোৰহাটৰ ব্যৱসায়ীসকলৰ মাজত বিৰূপ প্ৰভাৱ পেলাব নেকি তাকে লৈ প্ৰশ্ন উথাপন হোৱাৰ লগতে নিৰাপত্তা ব্যৱস্থাৰ দিশটোৰ প্ৰতি অধিক নজৰ দিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে সচেতন ৰাইজে।

লগতে পঢ়ক:Tax department Raid: প্ৰতীক্ষা হাস্পতালৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ, আয়কৰ বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.