Tax department Raid: প্ৰতীক্ষা হাস্পতালৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ, আয়কৰ বিভাগৰ অভিযান

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 4:18 PM IST

thumbnail

গুৱাহাটী, ১৬ নৱেম্বৰ: কৰ ফাঁকি দিয়াৰ অভিযোগত গুৱাহাটীৰ আগশাৰীৰ ব্যক্তিগত চিকিৎসালয় প্ৰতীক্ষা হাস্পতালত আয়কৰ বিভাগৰ হাতোৰা । জানিব পৰা মতে, চিকিৎসালয়খনৰ সকলো হিচাপ নিকাচ বিধিগতভাৱে লিপিবদ্ধ নকৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ পিচতে বৃহস্পতিবাৰে আয়কৰ বিভাগৰ এটা বৃহৎ দলে গুৱাহাটীৰ বৰবাৰীস্থিত প্ৰতীক্ষা হাস্পতালৰ লগতে হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ প্ৰমোদ শৰ্মাৰ বাসগৃহত অভিযান চলায়।

অসম আৰক্ষীক লগত লৈ আয়কৰ বিভাগৰ ৯ জনীয়া দলটোৱে দুটা ভাগত বিভক্ত হৈ বুধবাৰে নিশা প্ৰায় ২ বজাৰ পৰা আজি দিনৰ ভাগলৈ হাস্পতালখনৰ ফাৰ্মাচী, পৰীক্ষাগাৰ, কেছ কাউণ্টাৰ , বেংকৰ একাউণ্ট, মেডিকেল বিলৰ নথি-পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰে। আয়কৰ বিভাগৰ অভিযানকাৰী দলটোৱে প্ৰতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ প্ৰমোদ শৰ্মাৰ কেইবাটাও ব্যৱসায় প্ৰতিষ্ঠানত কৰ ফাঁকিৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ লাভ কৰা বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক: Murder case in Jonai: প্ৰেমজনিত কাৰণত জঘন্য হত্য়াকাণ্ড, হত্যাকাৰীক শীঘ্ৰে ফাঁচিৰ দাবী আত্মীয়ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.