Drugs news: কপাল বেয়া আছিল জাকিৰৰ, জেগা নাপালেগৈ কণ্টেইনাৰ

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 5:20 PM IST

thumbnail

তেজপুৰ, ১৯ অক্টোবৰ : ড্ৰাগছমুক্ত অসম সপোন হৈয়ে ৰ’ব কিজানি ! আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি নিতৌ সৰবৰাহকাৰীয়ে নতুন নতুন কৌশল অৱলম্বন কৰি ৰাজ্যত অব্যাহত ৰাখিছে ড্ৰাগছৰ বেহা ৷ প্ৰায় প্ৰতিদিনেই ৰাজ্যৰ কোনোবা প্ৰান্তত আৰক্ষীয়ে কৰায়ত্ত কৰে ড্ৰাগছৰ সৈতে জড়িত লোকক ৷

শেহতীয়াকৈ শোণিতপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত আটক কৰিছে এজনক । বুধবাৰে নিশা মহাভৈৰৱ আৰক্ষীয়ে চলোৱা এক অভিযানত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক কৰায়ত্ত কৰিছে ৷

জানিব পৰা মতে, ঢেকিয়াজুলিৰ পৰা তেজপুৰলৈ অনা হৈছিল এই ড্ৰাগছ ৷ মুঠ ২৫ গ্ৰাম ড্ৰাগছসহ কৰায়ত্ত হোৱা জাকিৰ হুছেইন নামৰ যুৱকজনক ড্ৰাগছ সৰবৰাহ কৰিবলৈ তৃতীয় পক্ষই নিয়োগ কৰা বুলি সদৰী কৰিছে ৷ এতিয়া এই ড্ৰাগছ সৰবৰাহৰ আঁৰৰ অসাধু চক্ৰ আৰক্ষীৰ জালত পৰিবনে নাই সেয়াহে মন কৰিবলগীয়া কথা ৷

লগতে পঢ়ক : Meghalaya police seized drugs:ড্ৰাগছ সৰবৰাহৰ ক’লা বজাৰে ছানি ধৰিছে ৰাজ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.