ETV Bharat / state

Meghalaya police seized drugs:ড্ৰাগছ সৰবৰাহৰ ক’লা বজাৰে ছানি ধৰিছে ৰাজ্য

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 2:22 PM IST

meghalaya police seized drugs worth rupees of nine crore
নিষিদ্ধ হেৰ’ইন জব্দ

মেঘালয়ৰ নংপোত গুৱাহাটী অভিমুখী নৈশ বাছত ৯ কোটি টকাৰ নিষিদ্ধ হেৰ’ইন জব্দ ৷ বৰ্ণিহাটতো জব্দ চোৰাংকৈ সৰবৰাহ কৰা ৭খন সোণৰ বিস্কুট ৷

গুৱাহাটী,৬ অক্টোবৰ : অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় যেন হৈ পৰিছে নিষিদ্ধ ড্ৰাগছ আৰু চোৰাং কাৰবাৰৰ কৰিডৰ ৷ মেঘালয় ৰিভয় জিলাত ৰাজপথৰ আকস্মিক গোপন অভিযানত বৃহস্পতিবাৰৰ নিশা প্ৰায় ৩ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কৰাৰ লগতে চোৰাংকৈ সৰবৰাহ কৰা সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হৈছে মেঘালয় আৰক্ষী । শুকুৰবাৰৰ পুৱতি নিশা মেঘালয় আৰক্ষীয়ে গুৱাহাটীৰ সমীপৰ নংপোত এখন যাত্ৰীবাহী বাছত তালাচী চলাই বুজন পৰিমাণৰ হেৰ’ইন উদ্ধাৰ কৰে ।

meghalaya police seized drugs worth rupees of nine crore
নিষিদ্ধ হেৰ’ইন জব্দ

প্ৰাথমিক খবৰ অনুসৰি, মেঘালয়ৰ ৰিভয় জিলাৰ নংপোত থকা নাকা পহৰা চকীত AS 24 AC 1152 নম্বৰৰ শিলচৰৰ পৰা গুৱাহাটী অভিমুখী এখন নৈশ সেৱা বাছত মেঘালয় আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত তালাচী চলায়। আৰক্ষীৰ হাতত হেৰ’ইন সৰবৰাহৰ নিৰ্দিষ্ট চোৰাংচোৱা তথ্য আছিল যাৰ ভিত্তিত কটকটীয়া তালাচী অভিযান চলাইছিল কেইবাখনো বাছত ৷ মেঘালয় আৰক্ষীৰ তথ্য মতে, অভিযান কালত হেৰ’ইন ভৰ্তি ৩০টা চাবোনৰ কেচ উদ্ধাৰ কৰি জব্দ কৰা হয় । জব্দ কৰা হেৰ’ইনখিনিৰ মুঠ ওজন আছিল প্ৰায় ৯২১ গ্ৰাম ।

আন্তঃৰাষ্ট্ৰীয় অবৈধ মাদক দ্ৰব্যৰ বজাৰত জব্দ হোৱা হেৰ’ইনৰ মূল্য প্ৰায় ৯ কোটি টকা বুলি মেঘালয় আৰক্ষীয়ে অনুমান কৰিছে । ইফালে যাত্ৰীবাহী বাছখনৰ চালক আৰু সহযোগী চালকৰ লগতে এজন কুখ্যাত আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰীকে ধৰি মুঠ ৩ জন লোকক নিচাজাতীয় ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় । এই প্ৰসংগত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই সামাজিক মাধ্যম এক্সত তথ্য সদৰী কৰিছে ।

চাংমাই এক্সত @ৰিভয় পুলিচলৈ অভিবাদন জনায় কয় যে, এইটো এটা উল্লেখযোগ্য ড্ৰাগছ বিৰোধী অভিযান ৷ দক্ষতাৰে কাৰ্যকৰী কৰা চোৰাংচোৱা-চালিত এটি অভিযানৰ ফলত ৯ কোটি টকা মূল্যৰ হেৰ’ইনৰ বহু বাকচ উদ্ধাৰ হয় ! ৩ টা কুখ্যাত আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে । মণিপুৰৰ পৰা শিলচৰ হৈ হেৰ’ইনখিনি গুৱাহাটীলৈ অনা হৈছিল বুলি সন্দেহ কৰা হৈছে । গুৱাহাটীতে সৰবৰাহকাৰীয়ে আন কাৰোবাক ৯ কোটি টকাৰ ড্ৰাগছখিনি হস্তান্তৰ কৰি দিয়াৰ কথা আছিল বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে ।

  • The @RibhoiPolice does it again, second successful operation in two days!
    Kudos to @lrbishnoiips and his team for perfect coordination and prompt action in intercepting an illicit gold consignment smuggled through Meghalaya. Their operation led to arrest of the main culprit and… pic.twitter.com/0wttooDTQI

    — Conrad K Sangma (@SangmaConrad) October 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে মেঘালয়ৰ মুখ্যমন্ত্ৰীজনে লগতে এক্সত এক চোৰাংকৈ কৰা সোণৰ কনচাইনমেণ্টো জব্দ কৰাৰ কথা সদৰী কৰে ৷ দুদিনীয়াকৈ চলোৱা অভিযানত ৰিভয় জিলাৰ বৰ্ণিহাট আৰক্ষী চকীয়ে ৭ খনকৈ সোণৰ বিস্কুট জব্দ কৰাৰ কথা সদৰী কৰে ৷ এই জব্দকৃত সোণখিনিৰ ওজন ৮২৬.৩১ গ্ৰাম ৷ চোৰাংভাৱে সোণখিনি নৈশ বাছত কঢ়িয়াই অনা দুজন লোকক বৰ্ণিহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ লগতে জব্দ কৰিছে কিছু নগদ ধন আৰু দুটা মোবাইল ৷

লগতে পঢ়ক : Drugs Seized: ড্ৰাগছ সৰবৰাহৰ কৰিড’ৰত পৰিণত কাৰ্বি পাহাৰ; পুনৰ জব্দ 3 কোটি টকাৰ হেৰ’ইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.