Drugs Seized: ড্ৰাগছ সৰবৰাহৰ কৰিড’ৰত পৰিণত কাৰ্বি পাহাৰ; পুনৰ জব্দ 3 কোটি টকাৰ হেৰ’ইন

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 11:42 AM IST

thumbnail

ডিফু, ২৮ ছেপ্টেম্বৰ: ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং জিলাৰ সীমান্তঞ্চলত আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ৷ বৃহস্পতিবাৰে পুনৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটীত উদ্ধাৰ হৈছে প্ৰায় 3 কোটি টকাৰ হেৰ’ইন ৷  

প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত কাৰ্বি আংলং জিলা এছএছপি (নিৰাপত্তা) জন দাসৰ নেতৃত্বত খটখটী থানাৰ অ’ চি ৰমেন বৰদলৈ, এছ আই দীপক লাহন, এ এছ আই টীকাৰাম বাৰাৰী, এ এছ আই ভূৱন চন্দ্ৰ বাৰিক আৰু চি আৰ পি এফৰ লগতে আৰক্ষীৰ দলৰ সহযোগত খটখটী ষ্টেট বেংকৰ সন্মুখত এক বিশেষ নাকা তালাচী স্থাপন কৰা হয় ৷ তালাচী কালত AS 02 J 2001নম্বৰ এখন বগা ৰঙৰ i20 বাহনৰ ডাছ বোৰ্ডৰ ভিতৰত লুকুৱাই অনা অৱস্থাত 45 টা চাবোনৰ বাকচত 575 গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো ৷ 

হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় তিনি কোটি টকা হ’ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে ৷ লগতে অভিযানকাৰী দলটোৱে হেৰ’ইন সৰবৰাহৰ সৈতে জড়িত দুটা সৰবৰাহকাৰীকো আটক কৰে ৷ আটকাধীন দুই সৰবৰাহকাৰী ক্ৰমে নগাঁও জিলাৰ ভকত গাঁৱৰ নুৰুদ্দিন আলী আৰু আজহাৰ উদ্দিন ৷ অধিক তথ্যৰ বাবে দুয়োটা সৰবৰাহকাৰীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Drugs seized at Assam Nagaland border : খটখটীত প্ৰায় তিনিকোটি টকাৰ সন্দেহযুক্ত হেৰ’ইনসহ আটক সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.