DU Ragging Incident: আৰক্ষীৰ জালত DU ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত কল্যাণ দত্ত

By

Published : Dec 3, 2022, 4:56 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া(Dibrugarh University Ragging) ৷ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছতে কঠোৰ হৈছে ডিব্ৰুগড় আৰক্ষী ৷ ইফালে, ৰেগিংকাণ্ডৰ অন্যতম অভিযুক্ত কল্যাণ দত্তৰ আৰক্ষীৰ বেষ্টনীৰ পৰাই মন্তব্য -‘মই ৰেগিংকাণ্ডত জড়িত নাছিলো’(Kalyan Dutta DU) ৷ ৰেগিংকাণ্ড সন্দৰ্ভত ইতিমধ্যেই 6জনক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে(accused of DU ragging incident) ৷ উল্লেখ্য যে, শনিবাৰে আত্মসমৰ্পণ কৰিবলৈ আহোঁতেই আৰক্ষীয়ে আটক কৰে অন্যতম অভিযুক্ত কল্যাণ দত্তক ৷ ২৭ নৱেম্বৰৰ পৰা পলাতক হৈ আছিল বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ কল্যাণ দত্ত ৷ আটক কৰাৰ পিছতেই মই ৰেগিংকাণ্ডৰে জড়িত নহয় বুলি মন্তব্য কল্যাণ দত্তৰ ৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.