Platinum jubilee of Matiparbat LP School : 75 বছৰীয়া হ’ল মাটিপৰ্বত প্ৰাথমিক বিদ্যালয়

By

Published : Jan 28, 2023, 7:10 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

মৰিগাঁও, 28 জানুৱাৰী : 75 বছৰীয়া হ’ল মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিভাগৰ মায়ং প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত মাটিপৰ্বত প্ৰাথমিক বিদ্যালয় (Matiparbat Primary School in Morigaon) ৷ 1948 চনতেই স্থাপন হোৱা এই বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উপলক্ষে আনন্দৰ সীমা নাই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়েত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত ৷

মাটিপৰ্বত প্ৰাথমিক বিদ্যালয়ত শনিবাৰৰ পৰা মহাৰজত জয়ন্তী কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় (Platinum jubilee of Matiparbat LP School) ৷ শনিবাৰে মিলাৰাম মেধীয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে ধীৰেণ চন্দ্ৰ বৰাই পতাকা উত্তোলন কৰি বিদ্যালয়খনৰ মহাৰজত জয়ন্তী অনুষ্ঠানৰ শুভাৰম্ভ কৰে (75th years of Matiparbat Primary School) ৷ ইয়াৰে পৰৱৰ্তী পৰ্যায়ত এক সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হয় ৷ য’ত বিদ্যালয়খনৰ কেবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : Amiyo Bhuyan Controversy : ইজনৰ পাছত সিজনক দুৰ্ব্যৱহাৰ বিধায়ক অমিয় ভূঞাৰ

আনকি শনিবাৰৰ পৰা আৰম্ভ হোৱা এই মহাৰজত জয়ন্তী অনুষ্ঠানত কেবাগৰাকীও প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল ৷ উল্লেখযোগ্য যে, দেশে স্বাধীনতা লাভৰ সময়তে অৰ্থাৎ 1948 চনতে স্থাপিত বিদ্যালয়খনৰ আন্তঃগাঠনি একেবাৰেই দুৰ্বল ৷ বিগত 75 টা বছৰ উক্ত বিদ্যালয়খনৰ যিমানখিনি উন্নতি হ’ব লাগিছিল তাৰো তিলমানো হোৱা নাই ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়েত্ৰীৰ লগতে স্থানীয় ৰাইজে ৷

জানিব পৰা মতে, বৰ্তমান বিদ্যালয়খনত আছে 50 ৰো অধিক ছাত্ৰ-ছাত্ৰী ৷ কিন্তু শিক্ষাৰ্থীৰ বিপৰীতে শিক্ষাগুৰু আছে মাত্ৰ দুগৰাকী ৷ মায়ঙৰ এই বিদ্যালয়খন হৈছে অঞ্চলটোৰ একমাত্ৰ প্ৰতিষ্ঠান ৷ য’ত অনুসচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠদান কৰে ৷

অনুসচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত বিদ্যালয়খনৰ আন্তঃগাঠনি উন্নত কৰে লগতে শিক্ষকৰো সংখ্যা বৃদ্ধি কৰিবলৈ কেবাগৰাকীও প্ৰাক্তন শিক্ষাৰ্থীয়ে সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনায় ৷

লগতে পঢ়ক : CM Himanta Biswa Sarma: যিসকলে বিয়া কৰোৱা নাই সোনকালে কৰি লওক : মুখ্যমন্ত্ৰী

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.