ETV Bharat / state

Amiyo Bhuyan Controversy : ইজনৰ পাছত সিজনক দুৰ্ব্যৱহাৰ বিধায়ক অমিয় ভূঞাৰ

author img

By

Published : Jan 28, 2023, 5:36 PM IST

Updated : Jan 28, 2023, 5:45 PM IST

Amiyo Bhuyan Controversy
বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে প্ৰতিবাদ

বিধায়ক ড৹ অমিয় ভূঞাৰ ব্যৱহাৰত অসন্তুষ্ট সমষ্টিৰ ভিন্ন মহল (Amiyo Bhuyan Controversy)৷ বিশ্ববিদ্যালয়ৰ প্ৰৱক্তাক দুৰ্ব্যৱহাৰ কৰা বিধায়কগৰাকীৰ বিৰুদ্ধে দুদিনধৰি প্ৰতিবাদ অব্যহত ৰাখিছে শিক্ষাৰ্থীয়ে ৷ ইয়াৰোপৰি বিহপুৰীয়া সমষ্টিৰ যুৱনেতা তথা বিজেপিৰ কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যকো বিধায়কগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে প্ৰতিবাদ

বিহপুৰীয়া, 28 জানুৱাৰী : বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে নিতৌ ন-ন অভিযোগ উত্থাপিত হৈ আহিছে (Amiyo Bhuyan Controversy)৷ বিধায়কগৰাকীয়ে বিভিন্ন সময়ত সমাজৰ ভিন্ন স্তৰৰ লোকক দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈ সময়তে শুকুৰবাৰৰ পৰা বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদত বহিল মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰী (Student protest against Bihpuria MLA)৷ বিশ্ববিদ্যালয়খনৰ অধ্যাপকৰ লগতে এগৰাকী সমাজকৰ্মী তথা যুৱ-নেতাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে বিধায়ক ড৹ ভূঞাৰ বিৰুদ্ধে ৷

বিধায়ক হিচাবে নিৰ্বাচিত হোৱাৰ পাছৰে পৰা ড৹ অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে অগণন অভিযোগ উত্থাপিত হৈ আহিছে ৷ সেইসমূহ অভিযোগৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ উদযাপন সমিতিৰ সভাপতিৰ দ্বায়িত্ব দিয়া হ’ল বিধায়কগৰাকীক (Asam Sahitya Sabha Narayanpur session)৷ কিন্তু অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে বিধায়ক তথা উদযাপন সমিতিৰ সভাপতিগৰাকীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ভিন্ন মহল ৷

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ স্বেচ্ছাসেৱক উপ-সমিতিৰ সম্পাদক ড৹ দীপক দাসক অপমান কৰাৰ অভিযোগত শুকুৰবাৰ পৰা অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ সমান্তৰালকৈ সমাজকৰ্মী তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যকো(Ranjit Bhattacharya BJP Kisan Morcha) শুকুৰবাৰে বিধায়গৰাকীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

উল্লেখ্য যে, অহা 31 জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন । কিন্তু অধিৱেশনখনক লৈ বিভিন্নজনৰ মনত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি পৰিলক্ষিত হৈছে । শুকুৰবাৰে অধিৱেশনস্থলীত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিধায়ক তথা আদৰণী সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে পাছত শনিবাৰে পুনৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সমুখত প্ৰতিবাদত বহিল ছাত্ৰ-ছাত্ৰীসকল ।

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ স্বেচ্ছাসেৱক উপ সমিতিৰ সম্পাদক ড৹ দীপক দাসক অপমান কৰাৰ অভিযোগত ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী (Allegation against MLA Amiyo Bhuyan)৷ শুকুৰবাৰে অধিৱেশনস্থলীৰ মুখ্যদ্বাৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ অমিয় ভূঞা গ' বেক, অসম সাহিত্য সভাত বিধায়ক অমিয় কুমাৰ ভূঞাৰ দাদাগিৰি নচলিব, শিক্ষকক অপমান সহ্য কৰা নহ'ব আদি শ্ল’গানেৰে শুকুৰবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি তুলিছিল প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে ।

শনিবাৰে পুনৰ একেই শ্ল’গানেৰে প্ৰতিবাদত বহে ছাত্ৰ-ছাত্ৰীসকল । অমিয় কুমাৰ ভূঞাই প্ৰবক্তা ড৹ দীপক দাসক ক্ষমা খোজাৰ লগতে ক্ষমা নোখোজা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷ ইয়াৰোপৰি ক্ষমা নুখুজিলে বিশ্ববিদ্যালয়ত বিধায়কগৰাকীক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলিও ছাত্ৰ-ছাত্ৰীসকলে হুংকাৰ দিয়ে ৷ উল্লেখ্য যে, নাৰায়ণপুৰ অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশনখনৰ বাবে মণিকাঞ্চন ক্ষেত্ৰত পাঁচোটা দিনতে ক্ষেত্ৰ পৰিস্কাৰ-পৰিচ্ছন্ন কৰাৰ দায়িত্ব লৈছিল NSS ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ সেই উদ্দেশ্যে লাইখুঁটা স্থাপনৰ দিনৰে পৰা সেৱা আগবঢ়াই অহা সেৱকসকলে পৰৱৰ্তী কামখিনি সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে মাহজোৰা প্ৰস্তুতিৰে অনুশীলন অব্যাহত ৰাখি প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল ৷

আদৰণি সমিতিয়ে দুহেজাৰ ছাত্ৰ-ছাত্ৰীক ক্ষেত্ৰ পৰিস্কাৰ কৰাৰ বাবে বিচাৰিছিল ৷ এইক্ষেত্ৰত অধ্যাপক দীপক দাসে 700 ছাত্ৰ-ছাত্ৰীৰে সকলো কাম সমাধা কৰিব পাৰিব বুলি আদৰণী সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাক জনাইছিল যদিও বিধায়কজনে দৈনিক এশগৰাকী মটৰচাইকেল থকা ছাত্ৰৰে কামখিনি কৰিবলৈ দীপক দাসক জোৰ দিয়ে ৷ কিন্তু দীপক দাসে এশগৰাকী মটৰ চাইকেল থকা ছাত্ৰক গোটোৱাত অপাৰগ বুলি জনোৱাত বিধায়কগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰে ৷

বৃহস্পতিবাৰে আদৰণি সমিতিৰ কোষাধ্যক্ষ ৰবীন গোস্বামীক অমিয় ভূঞাই দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ পাছতে প্ৰবক্তা ড৹ দীপক দাস আৰু যুৱনেতা ৰঞ্জিত ভট্টাচাৰ্যক দুৰ্ব্যৱহাৰ কৰাক কেন্দ্ৰ কৰি নাৰায়ণপুৰবাসীৰ মাজত বিধায়কগৰাকীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ পাইছে ৷ অৱশ্যে শেহতীয়াকৈ এই সন্দৰ্ভত বিধায়ক ড৹ ভূঞাই মন্তব্য আগবঢ়াইছে ৷ তেওঁ কয় যে, কোনে ক’ত প্ৰতিবাদ কৰিছে তেওঁ নাজানে ৷ অজানিতে কাৰোবাক কটু মন্তব্য কৰাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে (MLA Amiyo Bhuyan apology)৷

লগতে পঢ়ক: Amiya Bhuyan in controversy: শিক্ষকক দুৰ্ব্যৱহাৰ কৰি ছাত্ৰসমাজৰ ৰোষত পৰিল বিধায়ক অমিয় ভূঞা

Last Updated :Jan 28, 2023, 5:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.