Amiya Bhuyan in controversy: শিক্ষকক দুৰ্ব্যৱহাৰ কৰি ছাত্ৰসমাজৰ ৰোষত পৰিল বিধায়ক অমিয় ভূঞা

By

Published : Jan 27, 2023, 10:18 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বিহপুৰীয়া, 27 জানুৱাৰী: অহা 31 জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰ খামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন (Assam Sahitya Sabha conference at Narayanpur) । কিন্তু অধিৱেশনখনক লৈ বিভিন্নজনৰ মনত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি পৰিলক্ষিত হৈছে । অধিৱেশনখনলৈ মাজত মাত্ৰ তিনি দিন বাকী থকা অৱস্থাত শুকুৰবাৰে অধিবেশনস্থলীত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ (Student protest against MLA at Lakhimpur) । 

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ স্বেচ্ছাসেৱক উপ সমিতিৰ সম্পাদক ড৹ দিপক দাসক অপমান কৰাৰ অভিযোগ ছাত্ৰ-ছাত্ৰীৰ । বিহপুৰীয়াৰ বিধায়ক তথা অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাই অপমান কৰাৰ অভিযোগ অধ্যাপক গৰাকীক (MLA Amiya Bhuyan misbehaves with professor) ।

এই অভিযোগৰ পাচতে অধিৱেশন স্থলীৰ মুখ্য দ্বাৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে । অমিয় ভূঞা গ' বেক, অসম সাহিত্য সভাত বিধায়ক অমিয় কুমাৰ ভূঞাৰ দাদাগিৰি নচলিব, শিক্ষকক অপমান সহ্য কৰা নহ'ব শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি তোলে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে । ইয়াৰোপৰি অমিয় কুমাৰ ভূঞাই শিক্ষক গৰাকীক ক্ষমা নোখোজা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ ছাত্ৰ-ছাত্ৰীৰ । 

উল্লেখ্য যে, নাৰায়ণপুৰ অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশনখনৰ বাবে মণিকাঞ্চন ক্ষেত্ৰত পাঁচোটা দিনতে ক্ষেত্ৰ পৰিস্কাৰ-পৰিচ্ছন্ন কৰাৰ দায়িত্ব লৈছিল NSS ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ সেই উদ্দেশ্যে লাইখুঁটা স্থাপনৰ দিনৰে পৰা সেৱা আগবঢ়াই অহা সেৱকসকলে পৰৱৰ্তী কামখিনি সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে মাহযোৰা প্ৰস্তুতিৰে অনুশীলন অব্যাহত ৰাখি প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল ৷ আদৰণি সমিতিয়ে দুহেজাৰ ছাত্ৰ-ছাত্ৰীক ক্ষেত্ৰ পৰিস্কাৰ কৰিবৰ বাবে বিচাৰিছিল ৷ তাৰবাবে প্ৰয়োজন হৈছিল যথেষ্ট অৰ্থৰ (Manikanchan Kshetra at Narayanpur) ৷ 

এইক্ষেত্ৰত অধ্যাপক দীপক দাসে 700 ছাত্ৰ-ছাত্ৰীৰে সকলো কাম সমাধা কৰিব পাৰিব বুলি আদৰণী সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাক জনাইছিল যদিও বিধায়কজনে দৈনিক এশ মটৰচাইকেল থকা ছাত্ৰৰে কামখিনি কৰিবলৈ দীপক দাসক জোৰ দিয়ে ৷ কিন্তু দীপক দাসে এশ মটৰ চাইকেল থকা ছাত্ৰক গোটোৱাত অপাৰগ বুলি জনোৱাত বিধায়কগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰে ৷ তাৰোপৰি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষকক উদ্দেশ্যি কটু মন্তব্য কৰাৰো অভিযোগ উঠে সভাপতি তথা বিধায়ক ভূঞাৰ বিৰুদ্ধে ৷  

অধ্যাপক দীপক দাসক দুৰ্ব্যৱহাৰ কৰা সম্পৰ্কে জানিব পাৰি ছাত্ৰ-ছাত্ৰীসকলে অধিৱেশনস্থলীৰ মুখ্যদ্বাৰত সমবেত হৈ অমিয় ভূঞাই ক্ষমা নোখোজা পৰ্যন্ত ক্ষান্ত নথকাৰ হুংকাৰ দিয়ে ৷ লগতে অমিয় ভূঞা হায় হায়, অমিয় ভূঞা গ’বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ পৰৱৰ্তী সময়ত আদৰণি সমিতিৰ সম্পাদক তথা বিশ্ববিদ্যালয়ৰ অধ্যাপক মাখন তামুলীয়ে প্ৰতিবাদী ছাত্ৰসমাজক বুজনি দিয়ে যদিও সম্পাদকৰ কথাত মান্তি নহ’ল প্ৰতিবাদকাৰীসকল ৷ 

কেইবাঘন্টা জোৰা প্ৰতিবাদৰ অন্তত নাৰায়ণপুৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বুজনি দি অনাগত সময়ত তেওঁলোকৰ দাবী পুনৰ কৰাৰ আশ্বাস দিয়াত পৰিস্থিতি সুস্থিৰ হয় ৷ কিন্তু বিধায়ক অমিয় কুমাৰ ভূঞাই ছাত্ৰসমাজক ৰাজহুৱাভাৱে ক্ষমা নোখোজা পৰ্যন্ত তেওঁলোক ক্ষান্ত নাথাকে বুলি জানিবলৈও দিয়ে প্ৰতিবাদকাৰীয়ে ৷ বিধায়কগৰাকীয়ে ক্ষমা নুখুজিলে মাধৱদেৱ বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰাৰ লগতে অধিৱেশনস্থলীত কোনো কাম নকৰাৰ স্থিতিত অটল হৈ থাকে ছাত্ৰ-ছাত্ৰীসকল ৷ 

আনহাতে সেইসময়ত অধিৱেশন স্থলীতে থকা অমিয় কুমাৰ ভূঞাই ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ দেখি পলায়ন কৰে ৷ সম্প্ৰতি প্ৰতিবাদ শাম কাটিলেও বিধায়কগৰাকীৰ পৰৱৰ্তী স্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব পৰিস্থিতি কি পৰ্যায়লৈ গতি কৰে ৷ বৃহস্পতিবাৰে আদৰণি সমিতিৰ কোষাধ্যক্ষ ৰবীন গোস্বামীক অমিয় ভূঞাই দুৰ্ব্যৱহাৰ কৰাৰ পাচত শুকুৰবাৰে পুৱা বিজেপিৰ যুৱনেতা ৰঞ্জিত ভট্টক দুৰ্ব্যৱহাৰ কৰাক কেন্দ্ৰ কৰিও নাৰায়ণপুৰবাসীৰ মাজত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ পাইছে ৷

লগতে পঢ়ক: Tasa Mockes Congress: কংগ্ৰেছক ছুইংগামৰ সৈতে তুলনা সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.