ETV Bharat / state

CM Himanta Biswa Sarma: যিসকলে বিয়া কৰোৱা নাই সোনকালে কৰি লওক : মুখ্যমন্ত্ৰী

author img

By

Published : Jan 28, 2023, 4:28 PM IST

শনিবাৰে ৰাজ্যত নতুনকৈ ১২০৮ গৰাকী প্ৰাৰ্থীক দুটাকৈ বিভাগত নিযুক্তিপত্ৰ প্ৰদান কৰা হ’ল (Appointment letter distribution in Guwahati)। নিযুক্তিপত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকি মুখ্য়মন্ত্ৰী ড৹ শৰ্মাই সন্তান জন্ম দিয়াৰ সময়সীমাৰ সন্দৰ্ভতো মন্তব্য প্ৰদান কৰিলে ৷

CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ২৮ জানুৱাৰী : এক লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত আৰু এখোজ আগবাঢ়িল অসম চৰকাৰ ৷ শেহতীয়াকৈ অসম চৰকাৰৰ চাৰিটা বিভাগত ৮২৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়াৰ পাছত শনিবাৰে অসম চৰকাৰে নতুনকৈ ১২০৮ গৰাকী প্ৰাৰ্থীক দুটা বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰে (Appointment letter distribution in Guwahati)। এই উপলক্ষ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ(Sankardev Kalakshetra Guwahati) প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি নিযুক্তি পত্ৰ প্ৰদান কৰে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

শনিবাৰে অসম চৰকাৰৰ দুটা বিভাগত ১২০৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয় । ইয়াৰ ভিতৰত স্বাস্থ্য বিভাগত ১১৩৬ গৰাকীক আৰু গৃহ বিভাগত ৭২ গৰাকীক নিযুক্তি দিয়া হয় । নিযুক্তিপত্ৰ বিতৰণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে স্বাস্থ্যখণ্ডৰ মূল চালিকা শক্তি হৈছে মানৱ সম্পদ । আজি এন এইচ এমৰ অধীনত ১১৩৬ গৰাকী ষ্টাফ নাৰ্ছক নিযুক্তি দিয়া হৈছে (Staff nurse appointment Assam)। নাৰ্ছসকলৰ দক্ষতা বৃদ্ধিৰ বাবে ইংৰাজী আৰু কম্পিউটাৰৰ জ্ঞান দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ নাৰ্ছসকলক তেওঁলোকৰ ব্যৱহাৰ ভাল কৰাৰ বাবে আহ্বান জনায় ।

জাপান চৰকাৰৰ লগত আলোচনা কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে বাহিৰত বছৰি দুই-তিনি হ‍জাৰ নাৰ্ছৰ চাকৰি লাভ কৰাৰ ব্যৱস্থা হ'ব । যাৰ বাবে নাৰ্ছসকলৰ দক্ষতা বৃদ্ধিত গুৰুত্ব দিয়া হৈছে । দৰিদ্ৰ তথা নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা অহা নাৰ্ছসকলৰ চাকৰি লাভ কৰাৰ পাছত কিয় ব্যৱহাৰ বেয়া হয় বুলি উল্লেখ কৰি তেওঁ নাৰ্ছসকলক ৰোগী তথা ৰোগীৰ আত্মীয়ক ভাল ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায় ।

পবিত্ৰ কামৰ দ্বাৰা আত্মাৰ শুদ্ধি হয় বুলি উল্লেখ কৰি তেওঁ কয় যে ভৰিৰ তলৰ মাটি পাহৰি যাব নালাগে । তেওঁ নাৰ্ছসকলক হাঁহিমুখে ভাল ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায় । আগন্তুক দিনত বহুকেইখন মেডিকেল কলেজ হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে কেৰিয়াৰক লৈ কোনেও চিন্তা কৰিব নালাগে । এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰচেষ্টা চলি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে স্বাস্থ্য বিভাগত বিগত ডেৰ বছৰত যথেষ্ট সংখ্যক নিযুক্তি দিয়া হৈছে । স্বাস্থ্য বিভাগত শীঘ্ৰেই ১২ হাজাৰ নিযুক্তি সম্পূৰ্ণ হ'ব ।

তেওঁ লগতে কয় যে এবছৰত তিনিখন মেডিকেল কলেজ স্থাপন কৰাৰ ৰাজ্য চৰকাৰে অদ্ভুত লক্ষ্য লৈছে (Assam new medical college)। অদ্ভুত এইবাবেই কোৱা হৈছে যে দহ বছৰ আগতে এইটো চিন্তা কৰাই পাপ আছিল বুলি তেওঁ কয় । আনহাতে অসম আৰক্ষীৰ ৭২ টা পদত নিযুক্তি দিয়া সন্দৰ্ভত তেওঁ কয় যে ১৯৯৬ চনৰ পৰা ২০০৫ চনলৈ দহ বছৰ সময় সশস্ত্ৰ সংগ্ৰামৰ বাবে অসম আৰক্ষীয়ে বিশেষ প্ৰত্যাহ্বানৰ সন্মূখীন হৈছিল । সেই সময়ত বহু আৰক্ষী জোৱান শ্বহীদ হৈছিল ।

এনে শ্বহীদ পৰিয়ালৰ ৪২২ গৰাকীক চৰকাৰে নিযুক্তি দিব পৰা নাছিল । বহু চেষ্টাৰ অন্তত কেবিনেট অনুমোদন মৰ্মে আজি ৭২ গৰাকীক নিযুক্তি দিয়া হয় । বাকী থকা সকলকো নিযুক্তি দিয়াৰ বাবে গৃহ বিভাগে দুমাহৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব । প্ৰসংগক্ৰমে তেওঁ কয় যে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই দুই-এদিনতে অৱসৰ গ্ৰহণ কৰিব । পৰৱৰ্তী নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাবে দায়িত্ব লৈ জি পি সিঙে(Assam new DGP) নিযুক্তি প্ৰক্ৰিয়াক আগুৱাই লৈ যাব বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এইক্ষেত্ৰত যথেষ্ট সফলো হৈছে । বাল্যবিবাহ আৰু ১৮ বছৰৰ তলৰ ছোৱালীয়ে সন্তান জন্ম দিয়া ব্যৱস্থাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে হয়তো অহা ৫-৬ মাহত হাজাৰ হাজাৰ স্বামী গ্ৰেপ্তাৰ হ'ব পাৰে । কিছুমানৰ যাবজ্জীৱন কাৰাদণ্ড হ'ব । কাৰণ ১৪ বছৰৰ তলৰ ছোৱালীৰ গাত হাত দিলে যাবজ্জীৱন কাৰাদণ্ড হয় । লাগিলে তেওঁৰ নিজৰ পত্নীয়ে নহওক কিয় ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

সেইদৰে ১৮ বছৰৰ তলৰ ছোৱালীক বিয়া কৰালে সেই বিয়াখন আইন মতে গ্ৰহণযোগ্য নহয় । বাল্যবিবাহ আৰু কম বয়সত সন্তান জন্ম দিয়া ব্যৱস্থা ৰোধ কৰিব পাৰিলে প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ ৰোধ কৰিব পৰা যাব বুলি তেওঁ কয় । আনহাতে তেওঁ কয় যে কম বয়সত যিদৰে মাতৃ হ'ব নালাগে সেইদৰে বেছি বয়সতো মাতৃ হ'ব ন‍ালাগে । বেছি বয়সত মাতৃ হ'লেও অসুবিধা থাকে বুলি উল্লেখ কৰি তেওঁ কয় যে ২২ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত সন্তান জন্ম দিব লাগে । এই বয়স সন্তান জন্ম দিয়াৰ উপযুক্ত সময় । বেছি বয়সত সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত শৰীৰটোৱে নামানে বুলি তেওঁ উল্লেখ কৰি বিয়া নপতাসকলক উপযুক্ত বয়সত বিয়া কৰাৰ বাবে ৰসিকতাৰে আহ্বান জনায় (Himanta Biswa Sarma on motherhood age)।

অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বৰ্মা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ড৹ লক্ষ্মীপ্ৰিয়া প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক: Assam next DGP : জি পি সিং হ'ব অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.