ETV Bharat / state

Assam next DGP : জি পি সিং হ'ব অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান

author img

By

Published : Jan 28, 2023, 1:15 PM IST

Assam next DGP
জি পি সিং হ'ব অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান

১৯৯১ চনৰ আই পি এছ বিষয়া জি পি সিং (IPS G P Singh)। বৰ্তমান অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বত আছে জি পি সিং । মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালক প্ৰধান হিচাপে তেওঁৰ নাম ঘোষণা কৰে । ৩১ জানুৱাৰীত অৱসৰ ল'ব বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ।

গুৱাহাটী,২৮ জানুৱাৰী : অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল । অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ'ব বৰ্তমানৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বত থকা জি পি সিং । অসম আৰক্ষীৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান কোন হ'ব তাকে লৈ ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে শনিবাৰে অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে পৰৱৰ্তী সঞ্চালক প্ৰধানৰ নাম (Assam CM announced the name of next DGP)।

কলাক্ষেত্রত নিযুক্তি পত্র বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে দুই-এদিনতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অৱসৰ গ্ৰহণ কৰিব । ইয়াৰ পাছতেই পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব জি পি সিঙে (G P Singh to be Assam next DGP)। মুখ্যমন্ত্রীয়ে ৰাজহুৱাভাৱে অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে জি পি সিঙৰ নাম ঘোষণা কৰে ।

  • With the blessings of Maa Kamakhya, I look forward to the opportunity of serving the people of Assam. Gratitude to the Honourable Chief minister Assam for reposing trust in me to lead the glorious Assam Police. @assampolice @CMOfficeAssam

    — GP Singh (@gpsinghips) January 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে ৩১ জানুৱাৰীত ৰাজ্যৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকালৰ অন্ত পৰিব । ৩১ জানুৱাৰীত অৱসৰ ল'ব ভাস্কৰজ্যোতি মহন্তই (DGP Bhaskarjyoti Mahanta retirement)। যাৰ পৰিপ্ৰেক্ষিতত এগৰাকী নতুন আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তিৰ প্ৰসংগটো শেহতীয়াকৈ চৰ্চাত আছিল । অৱশ্যে এই চৰ্চাৰ শীৰ্ষত আছিল আইন-শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নাম । ১৯৯১ চনৰ আই পি এছ বিষয়া হৈছে জি পি সিং ।

Assam next DGP
জি পি সিং হ'ব অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান

উল্লেখ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ চৰ্চাত আছিল বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এছ এন সিং, হৰমিত সিং, ৰামপ্ৰসাদ মিনা, দীপক কুমাৰ, এল আৰ বিষ্ণই আদি কেইবাগৰাকী আই পি এছ বিষয়াৰ নাম । কিন্তু অৱশেষত শনিবাৰে সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই মুখ্যমন্ত্রীয়ে অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হিচাপে জি পি সিঙৰ নাম ঘোষণা কৰে । লক্ষণীয় বিষয় যে জি পি সিং মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অতিকৈ ঘনিষ্ঠ আৰু বিশ্বস্ত বুলি জনা যায় ।

ইফালে মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী বিষয়া জি পি সিঙে (G P Singh reacts over DGP recruitment)। টুইটযোগে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জি পি সিঙে কয় যে মা কামাখ্যাৰ আশীৰ্বাদত তেওঁ অসমৰ জনসাধাৰণৰ সেৱা কৰাৰ সুযোগৰ বাবে অপেক্ষা কৰি আছে । অসম আৰক্ষীক নেতৃত্ব দিবলৈ তেওঁৰ ওপৰত বিশ্বাস ৰখাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক তেওঁ কৃতজ্ঞতাও জ্ঞাপন কৰে ।

সংবাদ মাধ্যমৰ সন্মুখতো জি পি সিঙে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অসমক প্ৰগতিশীলৰ পথত আগবঢ়াই নিয়াৰ স্বাৰ্থত যি ধৰণে কাম কৰিছে তাত তেওঁলোকেও সহযোগিতা আগবঢ়াব ।

লগতে পঢ়ক :ULFA-I cadre surrender : সোণাৰিত আলফা কেডাৰৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.