ETV Bharat / state

ULFA-I cadre surrender : সোণাৰিত আলফা কেডাৰৰ আত্মসমৰ্পণ

author img

By

Published : Jan 28, 2023, 9:42 AM IST

ULFA-I cadre surrender
সোণাৰিত আলফা কেডাৰৰ আত্মসমৰ্পণ

চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে অনুজ ফুকন নামৰ এজন আলফা(স্বাধীন)ৰ সদস্যই (ULFA I cadre surrendered in Sonari)। অনুজৰ ঘৰ চৰাইদেউ জিলাৰ চোলাধৰা টেঙাপুখুৰী গাঁৱত । অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

মৰাণ,২৮ জানুৱাৰী : অসম তথা উত্তৰ-পূৱৰ অন্যতম বিদ্ৰোহী সংগঠন আলফা(স্বাধীন) আৰু অসম চৰকাৰৰ মাজৰ শান্তি আলোচনাক লৈ এতিয়াও চৰ্চা অব্যাহত আছে (Peace talk between ULFA and Assam Govt)। দুয়োপক্ষই শান্তি আলোচনাক লৈ পৃথক স্থিতিত থকাৰ সময়তে আকৌ শেহতীয়াকৈ বহু যুৱক-যুৱতী আলফা (স্বাধীন)ৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে । যাৰ ফলস্বৰূপে বহু যুৱক-যুৱতী আলফাত যোগদানৰ খবৰ প্ৰায়ে পোহৰলৈ আহে (Youth of Assam joins ULFA)। অৱশ্যে ইয়াৰ মাজতে সোণাৰিত এজন আলফা কেডাৰে আত্মসমৰ্পণ কৰে (ULFA cadre surrender)। চৰাইদেউ আৰক্ষীৰ ওচৰত শুকুৰবাৰে আত্মসমৰ্পণ কৰে আলফা কেডাৰজনে ।

উল্লেখ্য যে বিগত বছৰটোত অসমৰ বহু যুৱক-যুৱতী আলফা (স্বাধীন)ত যোগদানৰ বাবে যোৱা তথ্য পোহৰলৈ আহিছে । আনকি তাৰ ভিতৰত একাংশ যুৱক-যুৱতীক আৰক্ষীয়ে আটকো কৰিছে । ইয়াৰ মাজতে অসম আৰক্ষীয়েও ৰাইজৰ মাজত এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰিছে । সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই আলফা (স্বাধীন)ৰ সৈতে আলোচনাৰ বাবে তৎপৰ হৈছিল । কিন্তু আলফা আৰু চৰকাৰৰ আলোচনা আজিও কাৰ্যকৰী নোহোৱাত শেহতীয়াকৈ আলফা (স্বাধীন)য়ে নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে চেষ্টা কৰিছে ।

ইয়াৰ মাজতেই সোণাৰিত আলফা কেডাৰজনে আত্মসমৰ্পণ কৰে (One ULFA I cadre surrendered in Sonari)। আত্মসমৰ্পণ কৰা আলফা কেডাৰ জনৰ নাম হৈছে অনুজ ফুকন বুলি জানিব পৰা গৈছে । আত্মসমৰ্পণ কৰা অনুজ ফুকনৰ ঘৰ চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চোলাধৰা টেঙাপুখুৰী গাঁৱত বুলি জানিব পৰা গৈছে । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে আত্মসমৰ্পণৰ পূৰ্বে অনুজ ফুকনে অৰুণাচলৰ কাৰাগাৰত আছিল ।

অৰুণাচল কাৰাগাৰৰ পৰা ওলাই পুনৰ আলফা স্বাধীনৰ সৈতে সক্ৰিয় হৈছিল অনুজ ফুকন । কিন্তু অৱশেষত চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আলফা কেডাৰ ফুকনে (ULFA I cadre surrendered before Charaideo police)। অৱশ্যে আত্মসমৰ্পণ কৰা কেডাৰ জনৰ সন্দৰ্ভত অধিক তথ্য ৰাজহুৱা কৰা নাই আৰক্ষীয়ে । জানিব পৰা মতে আলফা কেডাৰজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । কেডাৰজনৰ পৰা মাৰণাস্ত্ৰ বা আন কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে নে নাই সেয়া এতিয়াও আৰক্ষীয়ে স্পষ্ট কৰা নাই ।

উল্লেখ্য যে অসম অৰুণাচল সীমান্তত অৱস্থিত চৰাইদেউ জিলাখনৰ পৰা প্ৰায়ে আলফা (স্বাধীন)লৈ যুৱক-যুৱতী যোৱাৰ খবৰ ৰাজহুৱা হয় । আনহাতে আৰক্ষীয়ে আলফাৰ লিংক মেন নতুবা আলফাৰ হৈ কাম কৰি থকা বহু ব্যক্তিক আটক কৰিবলৈও সক্ষম হৈছে ।

লগতে পঢ়ক :Allegations against BJP leader: কংগ্ৰেছ নেত্ৰীৰ গৃহলৈ শিলাবৰ্ষণ বিজেপি নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.