মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 5 লাখ টকাৰ অনুদান তেজপুৰৰ শিক্ষাবিদ ভানু পদ্মপতিৰ

By

Published : Jul 6, 2022, 9:35 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

তেজপুৰৰ বিশিষ্টা শিক্ষাবিদ অৱসৰপ্ৰাপ্ত ভানু পদ্মপতিয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ব্যক্তিগতভাৱে ৫ লাখ টকাৰ অনুদান আগবঢ়ায় (Educationist Bhanu Padmapati donates to CM fund)। বুধবাৰে তেজপুৰ বাৰহলীয়া নিজা বাসগৃহত শোণিতপুৰৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ(Sonitpur DC) হাতত উক্ত অনুদানৰ চেক প্ৰদান কৰে । শাৰীৰিকভাৱে অসুস্থ ৮৯ বছৰ গৰকা ভানু পদ্মপতিয়ে তেওঁৰ অৱসৰৰ পিছত পেঞ্চনৰ ধনৰ পৰা জমা ৰখা 5 লাখ টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায় । শিক্ষাবিদ পদ্মপতিৰ লগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জিলা উপায়ুক্তৰ জৰিয়তে ভিডিঅ’ ক’লযোগে কথা পাতে আৰু মুখ্যমন্ত্ৰী ড৹ শৰ্মাই তেজপুৰলৈ আহিলে তেওঁৰ বাসগৃহলৈ অহাৰ প্ৰতিশ্ৰুতি দিয়ে ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.