Surrender with Pistol : হোজাইত পিষ্টলসহ এজনৰ আত্মসমৰ্পণ

By

Published : Jul 30, 2023, 12:19 PM IST

thumbnail

হোজাই, 30 জুলাই : হোজাইৰ আৰক্ষী অধীক্ষকৰ ওচৰত পিষ্টলসহ অপৰাধীৰ আত্মসমৰ্পণ ৷ হোজাইৰ মৌৰাঝাৰত গুলীচালনাৰ ঘটনা সংঘটিত কৰা আৰিফ আহমেদে পিষ্টলসহ হোজাই আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ শনিবাৰে বিয়লি গুলীচালনাত ব্যৱহাৰ কৰা পিষ্টলসহ হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ ওচৰত আত্মসমৰ্পণ কৰে আৰিফ আহমেদে ৷  

ঘটনা অনুসৰি ১৫ জুলাইত মৌৰাঝাৰ থানাৰ ১ নং শিবপুৰত চাহাব উদ্দীন নামৰ এজনক গুলীয়াই আহত কৰিছিল আৰিফ উদ্দিনে ৷ ঘটনা সন্দৰ্ভত মৌৰাঝাৰ থানাত আৰিফ আহমেদৰ বিৰুদ্ধে ৰুজু হৈছিল ১৭০/২৩ নম্বৰত এক গোচৰ ৷  

আগৰৰ ব্যৱসায়ৰ টকাৰ লেনদেনক লৈ সংঘটিত হৈছিল এই গুলীচালনাৰ ঘটনা ৷ গুলীচালনা সংঘটিত কৰিয়েই আৰিফ আহমেদে মুম্বাইলৈ পলায়ন কৰিছিল যদিও আৰক্ষীৰ হেঁচাত আত্মসমৰ্পন কৰিবলৈ বাধ্য হয় ৷

লগতে পঢ়ক : Morigaon Mob lynching case: ছাদ্দাম হুছেইনৰ পত্নীয়ে বিচাৰিছে ফাঁচী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.