Road Accident in Jonai : জোনাইত ট্ৰাক-বাইকৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত এজন

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 10:56 PM IST

thumbnail

জোনাই, ৯ নৱেম্বৰ : বৃহস্পতিবাৰে জোনাই আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীপথাৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় এগৰাকী লোকৰ ৷

ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ ফলত থিতাতে নিহত হয় দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ আৰোহীজন ৷ জানিব পৰা মতে বৃস্পতিবাৰে নিশা প্ৰায় ৯.৩০ বজাত চিলাপথাৰ দিশৰ পৰা জোনাই অভিমুখে অহা AR09 C 8691 নম্বৰৰ ট্ৰাকখনে বিপৰীত দিশৰ পৰা অহা বাইক আৰোহীজনক প্ৰচণ্ড জোৰেৰে খুন্দিওৱাৰ ফলত আৰোহীজন চিটিকি পৰে আৰু থিতাতে নিহত হয় ৷

ইফালে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনো পথৰ মাজতে বাগৰি পৰে ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে ৷ ঘটস্থলীত আৰক্ষী উপস্থিত হৈ মৃত লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে জোনাই অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে মৃত লোকজনৰ ঠিকনা এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : Poor Road at Jonai: অমৃত কাল ! পথ-দলং অবিহনে অমৃত কালত বসবাস জোনাইৰ প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.