ETV Bharat / state

Poor Road at Jonai: অমৃত কাল ! পথ-দলং অবিহনে অমৃত কালত বসবাস জোনাইৰ প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজ

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 4:49 PM IST

জোনাইৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত অঞ্চলত উন্নয়নৰ ফোপোলা স্বৰূপ ৷ চৰকাৰলৈ অপেক্ষা নকৰি পাঁচখন গাঁৱৰ ৰাইজ ওলাই আহিল পথ মেৰামতি আৰু দলং নিৰ্মাণৰ বাবে ৷

Poor Road at Jonai
পথ দলং অবিহনে অমৃত কলত বসবাস জোনাইৰ প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজ

পথ দলং অবিহনে অমৃত কলত বসবাস জোনাইৰ প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজ

জোনাই 9 নৱেম্বৰ : ৰাজ্যৰ চাৰিওফালেও চলি আছে অমৃত মহোৎসৱ ৷ অমৃত কালত ৰাজ্যত চাৰিওফালে উন্নয়ন হোৱা বুলি চৰকাৰে ঢাক-ঢোল বজাই আছে ৷ কিন্তু চৰকাৰে কোৱা সেই উন্নয়নে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অঞ্চলক এতিয়াও স্পৰ্শই কৰিব পৰা নাই ৷ অতি পৰিতাপৰ কথা সূচল বাট-পথৰ অভাৱৰ বাবে জমৰ যাতনা ভুগিবলগা হৈছে জোনাইৰ একাংশ ৰাইজ ৷

উল্লেখ্য যে, জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী, মিছামৰা, চমকং আদি গাওঁ পঞ্চায়তৰ সৰ্বসাধাৰণ ৰাইজে দেখাই নাই উন্নয়নৰ ছবি ৷ বাৰিষাই হওঁক অথবা খৰালিয়ে হওঁক সকলো সময়তে জৰাজীৰ্ণ বাট-পথ গচকি বহিঃজগতৰ সৈতে যাতায়ত কৰিব লাগে কেইবাখন গাঁৱৰ ৰাইজে ৷

জোনাইৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অধীনৰ প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে দশক দশক ধৰি দিখাৰী, বুঢ়ীসূঁতি, গাণ্ডা ঘাট, মলানঘূলী নৈসমূহ নাৱেঁৰে পাৰাপাৰ কৰিব লাগে ৷ কিয়নো বগৰীগুৰীৰ পৰা ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ বগৰীগুৰীৰ পৰা পাখ্ৰীগুৰী, মধ্যপুৰ, লৃচাং, শ'লমাৰী হৈ মিছামৰা গাঁও পঞ্চায়তৰ নাওঁকাটালৈ যোৱা পথৰ কোনো ধৰণৰ উন্নয়ন নহ’ল ৷

সেয়ে চৰকাৰলৈ অপেক্ষা নকৰি ৰাইজে নিজে দলং নিৰ্মাণ কৰিবলৈ ওলাই আহিল ৷ উল্লেখ্য যে, বিষ্ণুপুৰ, লংকা, জানপাৰ, ১ নং মলান, ২ নং মলান আদি গাঁৱৰ ৰাইজে মিলি দিখাৰী, বুঢ়ীসূঁতি, গাণ্ডা ঘাট, মলানঘূলীৰ নদীৰ ওপৰত বাঁহৰ দলং নিৰ্মাণ কৰিলে ৷ আনহাতে, দীৰ্ঘদিনে উক্ত পথসমূহ নিৰ্মাণৰ বাবে ৰাইজে দাবী কৰি আহিছিল যদি কোনো সুফল নাপালে ৰাইজে ৷ সেয়ে বৃহস্পতিবাৰে পথ মেৰামতিৰ লগতে দলং নিৰ্মাণ কৰিলে ৰাইজে ৷

লগত পঢ়ক:MLA Bhubon Pegu : জেহাদীৰ ঘাটি হৈ পৰিছে কংগ্ৰেছ : ভুৱন পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.