Protest in Tinsukia: তিনিচুকীয়াত নৈশ বাছ চালক-হেণ্ডিমেন সন্থাৰ প্ৰতিবাদত আবদ্ধ পাঁচ শতাধিক যাত্ৰী

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 8:11 PM IST

thumbnail

তিনিচুকীয়া, ১০ ছেপ্তেম্বৰ: তিনিচুকীয়াৰ ন-পুখুৰী বাছ আস্থানত নৈশ বাছৰ চালক-হেণ্ডিমেন সন্থাই সন্ধিয়াৰ পৰা সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ শুকুৰবাৰে এজন নৈশ বাছ চালকক এখন লাইন বাছৰ মালিক-কৰ্মচাৰীৰ এটা দলে প্ৰহাৰ কৰাক লৈ এই প্ৰতিবাদ তিনিচুকীয়া নৈশ বাছ চালক, হেণ্ডিমেনৰ ৷

ধন ছেত্ৰী নামৰ এগৰাকী নৈশ বাছ চালকক গুৰুলাগুৰুলকৈ এখন লাইন বাছৰ কৰ্মচাৰীয়ে প্ৰহাৰক লৈ কৰা প্ৰতিবাদৰ ফলত পাঁচ শতাধিক যাত্ৰী আৱদ্ধ হৈ পৰিছে ৷ ধন চেত্ৰীক প্ৰহাৰক লৈ তিনিচুকীয়া সদৰ থানাত এজাৰ দাখিল কৰাৰ পাছতো তিনিচুকীয়া আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাত এই প্ৰতিবাদৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিছে নৈশ বাছ চালক, হেণ্ডিমেনসকলে ৷ অতি শীঘ্ৰে যদি আৰক্ষীয়ে উচিত ব্যৱস্থা নলয় কিম্বা অভিযুক্ত দলটোৱে ক্ষমা নুখুজে তেন্তে আজি এনেদৰেই পাঁচ শতাধিক যাত্ৰীক লৈ বাছ আস্থানতেই আৱদ্ধ হৈ থাকিব বুলি সদৰী কৰে প্ৰতিবাদকাৰীসকলে ৷ 

লগতে পঢ়ক : Scam in PDS rice in Dhemaji: চিলাপথাৰত সুলভ মূল্যৰ এজেন্টৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.