Attacked with sharp weapon:মাতৃ-পুত্ৰৰ বৰ্বৰতা; এফালে হাতত ধৰিলে, আনফালে দাৰে কাটিলে

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 10:56 AM IST

thumbnail

তিতাবৰ, 2 নৱেম্বৰ : বাৰীত দিয়া জেওৰা এখনৰ বাবেই ভতিজাকে খুৰাকৰ বিৰুদ্ধে হাতত তুলি ল’লে দা ৷ এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে তিতাবৰৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত চাউদাং পথাৰ তৰাণিচুক গাঁৱত ৷

দৰাচলতে তৰাণিচুক গাঁৱৰ নিবাসী হলিৰাম বৰা বজাৰলৈ বুলি ওলাই যাওঁতেই ভতিজা দীনৰাম বৰা আৰু দীনৰামৰ মাতৃ ফুল বৰাই আক্ৰমণ কৰে ৷ দীনৰামৰ মাতৃয়ে পিছফালৰ পৰা হাতত ধৰি থকা অৱস্থাত পুত্ৰই উপৰ্যুপৰি চোকা দাৰে ঘপিয়াই আহত কৰে হলিৰাম বৰাক । বাৰিত জেওৰা দিয়া সংক্ৰান্তত ভতিজাকৰ লগত বাক-বিতণ্ডাৰ ফলতে এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে ভুক্তভোগী হলিৰাম বৰাৰ পত্নীয়ে ।

ঘটনাৰ পিচতে পৰিয়ালৰ লোকে হলিৰামক মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ আনে যদিও উন্নত চিকিৎসাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে চিকিৎসকে । ঘটনা সন্দৰ্ভত হলিৰাম বৰাৰ পৰিয়ালৰ লোকে দীনৰাম বৰা আৰু মাতৃ ফুল বৰাৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে । দীনৰাম বৰাই ইয়াৰ পূৰ্বেও এনেধৰণৰ আৰু জঘন্য কাণ্ড সংঘটিত কৰিছে বুলি জানিবলৈ দিয়ে গাওঁবাসীয়ে । দীনৰাম বৰা পৰিয়ালৰ লোকে এতিয়া থানাৰ পৰা ঘূৰি গলেই পৰিয়ালৰ অন্য সদস্যকো মাৰিম কাটিম বুলি ভাবুকি প্ৰদান কৰিছে মন্তব্য দিয়ে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক : Protest in Titabor: তিতাবৰত মাইক্ৰ'ফাইনেন্সৰ ঋণমুক্ত প্ৰমাণ পত্ৰ প্ৰদানক লৈ উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.