Protest in Titabor: তিতাবৰত মাইক্ৰ'ফাইনেন্সৰ ঋণমুক্ত প্ৰমাণ পত্ৰ প্ৰদানক লৈ উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 3:40 PM IST

thumbnail

তিতাবৰ, ১৮ অক্টোবৰঃ অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা 'No Dues Certificate' প্ৰদান কাৰ্যসূচীৰ অংশস্বৰূপে জিলা প্ৰশাসনৰ উদ্যোগত ঋণমুক্ত প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে । ইয়াৰ মাজতেই তিতাবৰত শুক্ৰবাৰে  অসম চৰকাৰে মাইক্ৰ'ফাইনেন্সে ঋণ থকা মহিলা সকলক ঋণমুক্ত প্ৰমাণ পত্ৰ প্ৰদানক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । সচেতন মহিলা মঞ্চই বন্ধ কৰি দিয়ে ঋণমুক্ত প্ৰমাণ পত্ৰ বিতৰণ ।  

একাংশ মহিলাক মাইক্ৰ'ফাইনেন্সে ঋণ মাফ কৰাৰ NOC বিতৰণ কৰা সময়ত শ শ মহিলাই টেবুল ঢকীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰে । ইপিনে,মহিলাৰ এনে ৰুদ্ৰমূৰ্তি দেখি উজ্জীৱন, এল এন টি, আৰোহণকে ধৰি বহু কেইটা বেংকৰ কৰ্মচাৰীয়ে পলাই পত্ৰং দিয়ে । অতি শীঘ্ৰে সচেতন মহিলা মঞ্চই সকলো মহিলাক ঋণ মাফ কৰি দিয়াৰ দাবী জনায় । অন্যথা অনাগত দিনত তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক:Durga Puja 2023: সাতজনীয়া ঢাকীৰ দলেৰে খাৰুপেটীয়াৰ বাৰোৱাৰী পূজা মন্দিৰত ব্যতিক্ৰমী আয়োজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.