Durga Puja 2023: সাতজনীয়া ঢাকীৰ দলেৰে খাৰুপেটীয়াৰ বাৰোৱাৰী পূজা মন্দিৰত ব্যতিক্ৰমী আয়োজন

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 2:20 PM IST

thumbnail

দলগাঁও, ২০ অক্টোবৰ : আজি ষষ্ঠী । আজি সন্ধিয়া ‌বেদীত‌ প্ৰতিষ্ঠা কৰা হ’ব‌ দেৱী দুৰ্গাৰ প্ৰতিমা । ৰাজ্যখনৰ ভিতৰতে সৰ্ববৃহৎ দুৰ্গা পূজা মন্দিৰৰূপে পৰিচিত খাৰুপেটীয়াৰ বাৰোৱাৰী পূজা মন্দিৰত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয় । আঠটা দশক গৰকা দৰঙৰ খাৰুপেটীয়া বাৰোৱাৰী দুৰ্গা পূজা মন্দিৰতো দেৱী দুৰ্গাক পূজা অৰ্চনাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷

বাৰোৱাৰী পূজা মন্দিৰটো বিভিন্ন আলোক সজ্জাৰে সজ্জিত কৰি তুলিছে পূজা কমিটিয়ে ৷ এইবাৰ বাৰোৱাৰী পূজা মণ্ডপৰ‌ মুখ্য ‌আকৰ্ষণ হ’ল সাতজনীয়া ঢাকীৰ এটা দল । এই ৭ জনীয়া দলটোক আমন্ত্ৰণ কৰি অনা‌ হৈছে পশ্চিম বংগৰপৰা । য’ত  ৫ জনকৈ মহিলা আৰু দুজনকৈ পুৰুষ আছে ৷ 

দলটোৰ ঢাক ঢোল বজোৱাৰ কৌশল আৰু নৃত্যই মুগ্ধ কৰি তুলিছে ভক্তপ্ৰাণ ৰাইজক । বিগত বৰ্ষত জয়পুৰৰ পৰা ভিয়েটনামী মাৰ্বল পাথৰেৰে প্ৰস্তুত কৰি আনি স্থাপন কৰা হৈছিল দেৱী দুৰ্গা, শ্যামাকালী , ৰাধাকৃষ্ণণৰ যুগল মূৰ্তি । ইতিমধ্যে আৰাধনাৰ বাবে খাৰুপেটীয়াৰ স্থায়ী পূজা মণ্ডপটো আটক ধুনীয়াকৈ আলোকসজ্জাৰে ভক্তৰ বাবে সজ্জিত কৰি তুলিছে ‌কলকতাৰ পৰা অহা এটা আলোকসজ্জাকাৰ‌ীৰ দলে । বিগত বৰ্ষতকৈ এইবাৰ ভক্তৰ সমাগম অধিক হ’ব‌ বুলি আশাবাদী পূজা কমিটীৰ কৰ্তৃপক্ষ ৷

লগতে পঢ়ক: Charged against assault and rioting : অধিবক্তাৰ গাত হাত তোলা লাটমণ্ডলৰ বিৰুদ্ধে কিয় নীৰৱ বঙাইগাঁও প্ৰশাসন ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.