National press day 2023 : জিলা প্ৰশাসনৰ উদ্যোগত লখিমপুৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 2:30 PM IST

thumbnail

লখিমপুৰ, ১৬ নৱেম্বৰ : আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । ৰাজ্যৰ অন্য প্ৰান্তৰ লেখিয়াকৈ বৃহস্পতিবাৰে লখিমপুৰতো জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয় তথা জিলা সাংবাদিক সংস্থাৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় । জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত আদৰণি ভাষণ প্ৰদান কৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েংগীয়াই ।

জিলাৰ উন্নয়ন আয়ুক্ত উৎপল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সংবাদ মাধ্যম শীর্ষক বিষয়ত কেইবাজনো বক্তাই আলোচনা আগবঢ়ায় । এই আলোচনাত সাংবাদিক কুমুদ বৰুৱা, ৰঞ্জিত কাকতি, বুবুল হাজৰিকাকে আদি কৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে উপস্থিত সাংবাদিকসকলক ফুলাম গামোচাৰে আদৰণি জনায় । এই অনুষ্ঠানটোত সাংবাদিকসকলৰ সমস্যা সন্দৰ্ভতো আলোচনা কৰা হয় ৷

লগতে পঢ়ক : Majuli Raas festival : আগন্তুক ৰাসৰ বাবে সাজু মাজুলীৰ পাৰ ঘাটসমূহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.