Majuli Raas festival : আগন্তুক ৰাসৰ বাবে সাজু মাজুলীৰ পাৰ ঘাটসমূহ

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 10:37 AM IST

thumbnail

মাজুলী, ১৬ নৱেম্বৰ : মাজত আৰু কেইটামানহে দিন বাকী ৷ সমাগত মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ । ৰাস মহোৎসৱৰ বাবে ব্যস্ত হৈ পৰিছে মাজুলীৰ প্ৰতিজন লোক । একপ্ৰকাৰে উথপথপ প্ৰত্যেকগৰাকী মাজুলীয়ালৰ মন ৷

ৰাস মহোৎসৱৰ বাবে সাজু হৈ উঠিছে অৰ্দ্ধ শতাধিক ৰংগমঞ্চৰ লগতে সত্ৰসমূহ । সমান্তৰালকৈ সাজু হৈ উঠিছে মাজুলীৰ পাৰ ঘাটসমূহো । উত্তৰ অসম মাজুলী সংযোগী চমু পাৰঘাট ধুনাগুৰি পথালি পাৰঘাট সাজু হৈছে যাত্ৰীক ৰাসৰ সময়ত সুবিধা হোৱাকৈ পাৰাপাৰ কৰিবৰ বাবে । মাত্ৰ ১০ মিনিটৰ ভিতৰতে যাত্ৰীয়ে পাৰ হ’ব পাৰিব মাজুলীৰ পৰা উত্তৰ অসমলৈ ।

ৰেম্পৰ সুবিধাৰ্থে ৰাস মহোৎসৱৰ বাবে নতুন কেইবাখনো নাৱৰ ব্যৱস্থা কৰিছে ঘাটৰ কৰ্তৃপক্ষই । আনহাতে, নিশা যাতে কোনো যাত্ৰী ঘাটত ফেৰীৰ অভাৱত ঘাটত ৰৈ থাকিব বা ঘূৰি যাব লগা নহয় তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কবা হ’ব বুলি জানিব দিছে ফেৰী সেৱাৰ লগত জড়িত লোকে । ইফালে পুৱা ৭ বজাৰ পৰা উপলব্ধ হ’ব এই ফেৰী সেৱা ।

লগতে পঢ়ক : Allegation on Rehab Centre: মৰিগাঁৱৰ ৰিহাব চেণ্টাৰত থকা লোকক মাৰপিট কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.