National Oral Health Day: মুখগহ্বৰৰ চিকিৎসাৰ পৰা বঞ্চিত দেশৰ ৭২ শতাংশ লোক

By

Published : Mar 21, 2023, 3:29 PM IST

thumbnail

হোজাই, ২১ মাৰ্চ: হোজাই জিলা অসামৰিক চিকিৎসালয়ত সোমবাৰে মুখ-স্বাস্থ্য সন্দৰ্ভত সজাগতা সভা সম্পন্ন (National Oral Health Day at Hojai Civil Hospital)। উল্লেখ্য় যে, ২০১৩ চনৰ পৰা ২০ মাৰ্চৰ দিনটো দেশজুৰি ৰাষ্ট্ৰীয় মুখ-স্বাস্থ্য দিৱস ৰূপে পালন কৰি অহা হৈছে । ইয়াৰ সৈতে সংগতি ৰাখি কালি পালন কৰা হয় ৰাষ্ট্ৰীয় মুখ-স্বাস্থ্য দিৱস ৷  

এই দিৱসৰ লগত সংগতি ৰাখি হোজাইৰ জোৰা পুখুৰিস্থিত জিলা অসামৰিক চিকিৎসালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ দন্ত চিকিৎসা পৰিষদৰ এক প্ৰতিবেদন অনুসৰি দেশৰ ৭২ শতাংশ লোক মুখগহ্বৰৰ যতন বা চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে (Data of Dental Council) ৷ একেদৰে গ্ৰামীণ অঞ্চলৰ মানুহৰ মাজত মুখ স্বাস্থ্য সম্পৰ্কে নাই সচেতনতা (National Oral Health Day at Hojai) ৷ 

এই সম্পৰ্কে হোজাই অসামৰিক চিকিৎসালয়খনৰ সভাগৃহত অনুষ্ঠিত সভাৰ মূল উদ্দেশ্য আৰু আদৰণি বক্তব্য আগবঢ়ায় জিলাখনৰ জ্যেষ্ঠ শল্য় দন্ত চিকিৎসক ৰীতা শৰ্মাই ৷ ইয়াৰ পাচত হোজাইৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জেৰিনা আহমেদে এই বিষয়ে বক্তব্য আগবঢায় (Hojai Joint Director of Health)।

লগতে পঢ়ক:Bhumi Pednekar Weight Loss: খাদ্যৰ পৰিমাণ কম নকৰাকৈ এনেদৰে ভূমিয়ে হ্ৰাস কৰিছিল ২৫ কেজিতকৈও অধিক ওজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.