ETV Bharat / bharat

Bhumi Pednekar Weight Loss: খাদ্যৰ পৰিমাণ কম নকৰাকৈ এনেদৰে ভূমিয়ে হ্ৰাস কৰিছিল ২৫ কেজিতকৈও অধিক ওজন

author img

By

Published : Mar 21, 2023, 12:45 PM IST

চেলিব্ৰিটিৰ ওজন হ্ৰাসৰ কথা আহিলে সদায় ভূমি পেডনেকাৰৰ নাম আহি পৰে । নিজৰ ৰূপান্তৰেৰে সকলোকে আচৰিত কৰি তোলা ভূমিয়ে এনেদৰে হ্ৰাস কৰিছিল নিজৰ ওজন ।

Bhumi Pednekar lost more than 25 kg in this way became thin without starving herself
খাদ্যৰ পৰিমাণ কম নকৰাকৈ এনেদৰে ভূমিয়ে হ্ৰাস কৰিছিল ২৫ কেজিতকৈও অধিক ওজন

বলীউডত অভিনেত্ৰী হিচাপে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰা ভূমি পেডনেকাৰে ওজন কম কৰি সকলোকে আচৰিত কৰি তুলিছিল । আয়ুষ্মানৰ সৈতে ভূমিৰ পৰৱৰ্তী ছবিখন তেওঁৰ প্ৰথমখন ছবিৰ পৰা পৃথক হোৱাই নহয়, ভূমিৰ ৰূপৰ বিষয়েও বহু চৰ্চা চলিছিল । ২৫ কিলোতকৈও অধিক ওজন কম কৰিবলৈ ভূমিয়ে বিশেষ খাদ্য গ্ৰহণ কৰাৰ লগতে ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিছিল(Bhumi Pednekar Weight Loss)।

এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক যে নিজৰ জীৱনত কি কি পৰিবৰ্তনৰ দ্বাৰা তেওঁ ওজন হ্ৰাস কৰিবলৈ সক্ষম হয় ৷ ভূমি পেডনেকাৰৰ Weight Loss ৰুটিন (Bhumi Pednekar Weight Loss Routine)

ভূমিয়ে প্ৰথমে ওজন কমাবলৈ নিজৰ শৰীৰটো হাই ইনটেনচিটি ৱৰ্কআউটৰ বাবে প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিল । ইয়াৰ বাবে তেওঁ দৌৰা, কাৰ্যকৰী প্ৰশিক্ষণ, সাঁতোৰ আৰু বলীউড নৃত্য আৰম্ভ কৰে । ভূমিৰ মতে নৃত্য, এটা ভাল কাৰ্ডিঅ’। অৱশ্যে এই সকলোবোৰ কৰিবলৈ ভূমিৰো অসুবিধা হৈছিল আৰু ওজনৰ বাবে হাত-ভৰি বিষ আৰম্ভ হৈছিল । ভূমিয়ে সুষম খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে যিয়ে ওজন কমোৱাত সহায় কৰিলে(Celebrities Lifestyle)। খালী পেটত এলোভেৰাৰ ৰস খাই তাই দিনটোৰ আৰম্ভণি কৰিছিল ।

এক সাক্ষাৎকাৰত ভূমিয়ে উল্লেখ কৰে যে, এলোভেৰাৰ ৰস তেওঁৰ প্ৰিয় ডিটক্স পানী । ইয়াৰ লগতে ই শৰীৰক যথেষ্ট পৰিমাণৰ জলসিঞ্চন প্ৰদান কৰে যিটো স্বাস্থ্যৰ বাবে অপৰিহাৰ্য(Bhumi Pednekar Weight Loss Tips)। ব্ৰেকফাষ্টত ভূমিয়ে বেছিভাগেই কণী আৰু মাল্টিগ্ৰেইন ব্ৰেডৰ দৰে প্ৰটিন খাই এঘণ্টা ধৰি ৱৰ্কআউট কৰিছিল ।

দুপৰীয়াৰ আহাৰত ভূমিয়ে পাৰম্পৰিক ভাৰতীয় খাদ্য খাই ভাল পায় । সেইবাবেই ওজন কমাওঁতে তেওঁ অলিভ অইলত টছ কৰা শাক-পাচলি, দালি তৰকা, বজৰা, জোৱাৰ, চয়া আৰু আটাৰে তৈয়াৰী ৰুটি আৰু এগিলাচ বাটাৰ মিল্ক আৰু এবাটি দৈৰে তৈয়াৰী ২টা ৰুটি খাইছিল । ভূমিৰ ৰাতিৰ আহাৰত প্ৰ'টিন আৰু কাৰ্ব প্ৰচুৰ পৰিমাণে আছিল । ভূমিয়ে খাদ্যত স্মুদি, চয়া চিপচ আৰু পোৰা বাজৰা খোৱাৰ পৰামৰ্শও দিয়ে ।

লগতে পঢ়ক: World Down Syndrome Day: জনসাধাৰণে ডাউন চিণ্ড্ৰমৰ বিষয়ে জনাটো কিয় প্ৰয়োজন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.