Mysterious death of woman : নলবাৰীৰ ধমধমাত মহিলাৰ ৰহস্যজনক মৃত্যু

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 8:09 PM IST

thumbnail

নলবাৰী, ১৬ ছেপ্টেম্বৰ : নলবাৰীৰ ধমধমাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । ঘৰত স্বামী নথকা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ । স্বামী কীৰ্তন ৰুদ্ৰ শৰ্মাই পুৱা ঘৰলৈ আহি মৃত অৱস্থাত প্ৰত্যক্ষ কৰে পত্নীক । ইয়াকে লৈ সমগ্ৰ ধমধমাত এক তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে । উল্লেখযোগ্য যে মহিলাগৰাকীক ভৰিত বান্ধি থোৱা অৱস্থাত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে স্বামী কীৰ্তন ৰুদ্ৰ শৰ্মাই ৷

আনহাতে, মৃত মহিলাগৰাকীৰ ওচৰত বিষাক্ত কীটনাশক দ্ৰব্য আৰু এটি কাপ প্ৰত্যক্ষ কৰে স্বামীয়ে ৷ মৃত মহিলাগাকীৰ দুই ভৰিত ৰছীৰে বান্ধি থোৱা অৱস্থাত থকা বুলি জানিবলৈ দিয়ে স্বামী কীৰ্তন ৰুদ্ৰ শৰ্মাই । মহিলাগৰাকীৰ নাম মমতা দেৱী বুলি জানিব পৰা গৈছে । ইায়কে লৈ ধমধমাৰ ভেলামাৰীত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।

সম্প্ৰতি ঘটনাস্থলীত ধমধমা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । অৱশ্যে এয়া হত্যা নে আত্মহত্যা সেয়া আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে ওলাই পৰিব ৷ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :NIT student commits suicide : NIT ত ছাত্ৰৰ আত্মহত্যা; সতীৰ্থৰ ওপৰত আৰক্ষীৰ লাঠি চাৰ্জ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.