NABARD new project on silk:নাৱাৰ্ডৰ প্ৰশংসনীয় পদক্ষেপ: ৩৫০ টা পৰিয়াললৈ ৰেচমৰ দ্বাৰা উপাৰ্জনৰ পথ

By

Published : May 23, 2023, 2:12 PM IST

thumbnail

ডিব্ৰুগড়, 23 মে’ : মৰাণৰ সমীপৰ তিনঠেঙীয়াত Bosco reach out নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয় । সোমবাৰে অনুষ্ঠিত হোৱা এই সভাত নাৱাৰ্ডৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত তিনঠেঙীয়াৰ ৩ খন গাঁ‌ওঁ পঞ্চায়তৰ ৩৫০ টা পৰিয়ালক ৰেচমৰ দ্বাৰা উপাৰ্জনৰ পথ দিবৰ বাবে এক আঁ‌চনি লোৱা হয় । Sericulture Based Non-wadi project ৰ অধীনত এই পৰিয়ালকেইটাক ৰেচম আন্দোলনৰ পক্ষে নিবলৈ এই আঁ‌চনি লোৱা হয় (NABARD new project on silk) ।

এই ৩৫০ টা পৰিয়ালৰ ভিতৰত প্ৰথম অৱস্থাত ১৫০ টা পৰিয়ালক ২৫০ জোপা কেচেৰু গছ, ৫০ টা তামোল পুলি, ১ কিল'গ্ৰাম এৰি, হেণ্ড পাম্প আৰু ফেন্সিং দিয়া হ'ব বুলি জানিবলৈ দিয়ে বিষয়াই । দ্বিতীয় পৰ্যায়ত বাকী ২০০ টা পৰিয়ালক এই সামগ্ৰীসমূহ দিয়া হ'ব (way of earning through silk) । প্ৰায় দুই শতাধিক ৰাইজ উপস্থিত থকা সভাখনত নাৱাৰ্ডৰ মহাপ্ৰৱন্ধকৰ লগতে নাৱাৰ্ডৰ ডিব্ৰুগড় জিলা বিষয়া ভাস্কৰ পৰাশৰ, ৰেচম বিভাগৰ দীপক নাথ, উদ্যোগ বিভাগৰ সোণমণি চৌধুৰী, উপঃহস্ততাঁ‌ত বিষয়া প্ৰাঞ্জল গগৈ, কৃষি বিষয়া দিলীপ দাসকে ধৰি কেইবাটাও বিভাগৰ বহুকেইজন বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক : HSLC results: টীয়কৰ অতিকে পিছপৰা অঞ্চলৰ পৰা উজ্বলিল আকাশদ্বীপ দত্ত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.