HSLC results: টীয়কৰ অতিকে পিছপৰা অঞ্চলৰ পৰা উজ্বলিল আকাশদ্বীপ দত্ত

By

Published : May 23, 2023, 9:56 AM IST

thumbnail

যোৰহাট, 23 মে’ : যি সময়ত চৰকাৰী বিদ্যালয়ত অধ্যয়নৰ পৰিৱেশক লৈ বিভিন্ন সময়ত বিভিন্ন চৰ্চা চলি আহিছে বা ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ মান উন্নতিৰ অৰ্থে অভিভাৱকে অশেষ কষ্টেৰে বিদ্যালয়ত পঢ়োৱাৰ লগতে টিউচন আদিৰ ব্যৱস্থা কৰিছে, তেনে সময়ত চৰকাৰী বিদ্যালয়ৰ পৰা ৯৫% নম্বৰ লাভ কৰি সমগ্ৰ কমাৰখাটোৱাল তথা টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাবী ছাত্ৰ আকাশদ্বীপ দত্তই (Teok boy Akashdeep Dutta ) ।

বানেধোৱা অতিকৈ পিছপৰা উক্ত অঞ্চলটোৰ পৰা নিজৰ মেধা শক্তিৰ জৰিয়তে সৰ্বমুঠ ৫৭০ নম্বৰৰে গৌৰৱ কঢ়িয়াইছে টীয়কৰ কাকজান কমাৰ খাটোৱাল গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ আকাশদ্বীপে (HSLC results 2023)। দিন হাজিৰা কৰা পিতৃ আৰু মাতৃৰ মুখত আজি সুখৰ হাঁহি । ঘৰত এখন পঢ়া টেবুল অবিহনেই জিলিকি উঠিল আকাশদ্বীপ দত্ত । আকাশদ্বীপৰ এই সফলতাত এতিয়া পৰিয়াল তথা সকলো অঞ্চলবাসী গৌৰৱান্বিত হৈ পৰিছে (Akashdeep Dutta becomes inspiration)। ভৱিষ্যতে বিজ্ঞান বিভাগত অধ্যয়ন কৰি অধ্যাপক হোৱাৰ সপোন পুহি ৰাখিছে আকাশদ্বীপে ৷ 

উল্লেখযোগ্য যে চৰকাৰী বিদ্যালয়ৰ পৰা ইংৰাজী আৰু সমাজ বিজ্ঞানত ৯৮ নম্বৰ লাভ কৰি এতিয়া আকাশদ্বীপে চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মান পুনৰ উভতি অহাটো প্ৰমাণ কৰিছে বুলি সকলোৱে মত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Assam HSLC result 2023: কলা শাখাত পঢ়াৰ মন সপ্তম স্থান প্ৰাপক সুদৰ্শনা ভূঞাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.